ওদালগুৰিত ২১৯ কৃৰ্তী শিক্ষাৰ্থীক অভিনন্দন আৰু দীৰ্ঘদিনীয়া বান সমস্যা সমাধানৰ দাবী আছুৰ

 07/21/2019 - 14:55

ওৰাংঃ ৰাজ্যত এতিয়া চলিছে বানৰ মহাপ্ৰলয়। বছৰ বছৰ ধৰি এই প্ৰলয়ত প্ৰাণ গৈছে শতাধিক লোকৰ। এইবেলিও বানপানীত প্ৰান হেৰুৱাবলগীয়া হৈছে বহু লোক। লগতে সৰ্বহাৰা হৈছে হাজাৰ হাজাৰ লোক। কিন্তু ইয়াৰ পাচতো অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰাত চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা।

শনিবাৰে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অঞ্চলটোৰ ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱা হয়। এই সভাতে কেন্দ্ৰীয় চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ পৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি চিত্ত বসুমতাৰী।

ৰাজ্যবাসীয়ে বছৰ বছৰ ভুগি অহা এই সমস্যাক কেন্দ্ৰ‌ই আওকাণ কৰি অহা বুলি ক্ষোভ উজাৰি চৰকাৰৰ হাতত উচিত পৰিকল্পনা নথকাৰ বাবে এই সমস্যা আজি পৰ্যন্ত সমাধান নহ'ল বুলি উল্লেখ কৰি শীঘ্ৰে সমস্যা সমাধানৰ দাবী তোলে। লগতে তেওঁ ৰাজ্যৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

ইফালে সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থকা শিক্ষাৰ্থীসকলে মঞ্চত নাচ গান কৰি নিজৰ প্ৰতিভা দেখুৱায়। এনে ধৰণৰ অনুষ্ঠানৰ জৰিয়তে তেওঁলোকে অধিক প্ৰেৰণা লাভ কৰাৰ কথা উল্লেখ কৰে ছাত্ৰ-ছাত্ৰীসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।