07/21/2019 - 15:01
in
গোৰেশ্বৰঃ গোৰেশ্বৰত বন্যাৰ্ত আৰু গৰাখহনীয়াৰ বুজ ল’লে মন্ত্ৰী ভৱেশ কলিতাই। বন্যাৰ্তক নিজাববীয়াকৈ সাহায্য দিয়াৰ আশ্বাস দি মন্ত্ৰীগৰাকীয়ে গৰাখহনীয়াৰ কবলত পৰা নৈৰ মথাউৰি শীঘ্ৰে নিৰ্মাণৰ ঘোষণা কৰে। চৰকাৰে বন্যাৰ্তক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে৷ সৰ্বস্বান্ত পৰিয়ালৰ ওচৰত মন্ত্ৰী বিধায়কৰ আশ্বাস৷
গোৰেশ্বৰ মণ্ডল বিজেপিৰ কৰ্মীসকলৰ সহযোগত গৰাখহনীয়া পৰিদৰ্শন কৰে৷ বানে বিধ্বস্ত কৰা পৰিয়ালক নিজাববীয়াকৈ বান সাহায্য দিয়াৰ আশ্বাস প্ৰদান কৰে আৰু শীঘ্ৰে বন্যাৰ্তক চৰকাৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব বুলি অৱগত কৰে৷ আনহাতে মথাউৰিৰ গৰাখহনীয়া তৎকালে মেৰামতি কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে বন্যাৰ্তক৷