07/21/2019 - 15:31
in
বিজনীঃ চিৰাং জিলা আৰক্ষীৰ অভিযানত পুনৰ জব্দ হ’ল বৃহৎ পৰিমাণৰ ড্ৰাগছ৷ চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰসাদ বৰকাকতী, মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধীৰ নেতৃত্বত পাণবাৰী আৰক্ষীৰ অভিযানত শনিবাৰে নিশা ড্ৰাগছসহ সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰিব সক্ষম হয়। ২ নং মোনাকোষাত ড্ৰাগছসহ গ্ৰেপ্তাৰ ২ সৰবৰাহকাৰী আটক।
সৰবৰাহকাৰী ২ জন ক্ৰমে আব্দুল হাই আৰু তৰাব আলী। সৰবৰাহকাৰী দুটাৰ পৰা ১১.৫ গ্ৰাম হিৰোইন, AS-19 L 9853 মটৰ চাইকেল, ৩ টা মোবাইল হেণ্ডছেট জব্দ কৰে। বিজনী আৰক্ষীয়ে বিগত কেইবাদিনৰ পৰা অব্যাহত ৰাখিছিল এক অভিযান আৰু অভিযানত হাতে লুটে ধৰিবলৈ সক্ষম হয় ড্ৰাগছসহ সৰবৰাহকাৰী। সৰবৰাহকাৰী ২ জনক বিজনী পানবাৰী আৰক্ষী থানালৈ আনে। ধৃত সৰবৰাহকাৰী দুটাৰ ঘৰ বিজনীৰ কাৱাটিকাত বুলি জানিব পৰা গৈছে।