নলবাৰীত বান সাহায্য হৰলুকিৰ অভিযোগ

 07/21/2019 - 15:41

নলবাৰীঃ আজিও বানত ডুবি আছে নলবাৰীৰ বহু গাঁও। বানত ককবকাইছে গঞা। বানাক্ৰান্তক প্ৰশাসনৰ পৰা  দিছে যৎকিঞ্ছিত বান সাহায্য। পিছে এই বানাক্ৰান্তসকলক দিয়া যৎকিঞ্ছিত বান সাহায্যতো শেন চকু বিজেপিৰ পালিনেতা আৰু গাঁওবুঢ়াৰ। নলবাৰীৰ ডংগোৱাপাৰাত সংঘটিত হ’ল বান সাহায্যৰ হৰলুকি কাণ্ড।

অভিযোগ মতে বিজেপিৰ গাঁও পঞ্চায়তৰ সদস্য মদন দাস  আৰু গাঁওবুঢ়া বিচিত্ৰ ডেকাই বানাক্ৰান্ত ৰাইজৰ  নামত অহা বান সাহায্যৰ চাউল দাইল চাপৰ আৰু তেল সমীপৰে প্ৰবীণ হালৈ নামৰ লোক এজনৰ গৃহত ৰাখি গোপনে আত্মসাৎ কৰিছে। ৰাইজৰ মাজত বান সাহায্যৰ চাপৰ চাউল, দাইল আৰু তেল কমকৈ বিতৰণ কৰি অৱশিষ্টখিনি এই তিনিও গৰাকী  লোকে বিক্ৰী কৰা বুলি অভিযোগ তুলিছে ৰাইজে। অন্যহাতে এই ঘটনাক কেন্দ্ৰ কৰি নিশা নলবাৰী ডংগোৱাপাৰা গাঁৱত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।