07/21/2019 - 16:38
in
দেৰগাঁওঃ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সমগ্ৰ অসমৰ বিভিন্ন স্থানত প্লাৱিত কৰি এক প্ৰকাৰৰ সন্ত্ৰাস সৃষ্টি কৰি অহাৰ সময়তে দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰৰ অঞ্চলত 'দৌৰ’ৰ ব্যতিক্ৰমী প্ৰয়াস। আজি বেচৰকাৰী সংগঠন 'দৌৰ’ৰ উদ্যোগত দৌৰৰ বিষয়ববীয়া সকলে দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ গড়মুৰ, দলখোৱা, নাৰমাৰি, মিছিং গাঁৱত পলিথিন মুক্ত বান সাহায্য প্ৰদান কৰে।
এই বান সাহায্য সমূহৰ ভিতৰত আছিল চেনিটেৰি নেপকিন, ফেনাইল, বিভিন্ন ধৰনৰ খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱা পানী, কাপোৰ আৰু বিভিন্ন ৰোগৰ ঔষধ। 'দৌৰ’ৰ সাহায্য যোগানক ৰাইজে শলাগ লৈছে। এই বান সাহায্য প্ৰদানৰ নেতৃত্ব লয় দৌৰৰ মূল আহ্বায়ক মণ্ডলী, সভাপতি উজ্জ্বল চলিহা, সম্পাদক জিসান জংগম বৰাসহ বিচিত্ৰ বৰা, গোলাঘাট ইঞ্জিনীয়াৰিং কলেজৰ ছাত্র প্ৰতিনিধিসকলে।