মৰাণত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

 07/25/2019 - 19:46

খোৱাংঃ মৰাণত জব্দ কৰা হৈছে বৃহত্‍ পৰিমাণৰ অৰুণাচলী সুৰা। ডিব্ৰুগড়ৰ আবকাৰী বিভাগে মৰাণ আৰক্ষীৰ সহযোগত যোৱা নিশা প্ৰায় ১১.১৫ বজাত জব্দ কৰে  সুৰাখিনি। AS 01 T 8941 নম্বৰৰ এখন ট্ৰাকেৰে অৰুণাচলৰ বান্দৰদেৱাৰ পৰা শিৱসাগৰলৈ নি আছিল অবৈধ সুৰাখিনি। প্ৰায় ১২.৫০ লাখ টকাৰ মূল্যৰ সুৰাখিনি অৰুণাচলৰ পৰা নামচাইলৈ নিয়াৰ অনুজ্ঞাপত্ৰ আছিল যদিও নামচাইলৈ সুৰাখিনি নিনি শিৱসাগৰলৈ নিয়াৰ চেষ্টা কৰিছিল।

আৰক্ষীয়ে সুৰাখিনি জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালক ললিত বৰদলৈক  আটক কৰি সোধপোচ অব্যাহত ৰাখিছে। উল্লেখ্য যে অৰুণাচলী সুৰা অসমত সুলভ হৈ পৰা এটা অভিযোগ বহু দিনৰ পৰাই চৰ্চিত হৈ আছিল। ঠিক তেনে সময়তে এক ট্ৰাককৈ অৰুণাচলী সুৰা জব্দ হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।