মানকাচৰঃ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলৰ কথা আওৰাই থকা বিজেপি চৰকাৰৰ নীতিক ভৰিৰে মোহাৰি মানকাচৰ মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ মিজানুৰ ৰহমান (Reg.no- NER-ASS-GEN2015-61236), ছলেমান হক( Reg.no NEG-ASS-GEN2015-63235) আৰু এজনী ছাত্ৰী ৰেশ্মি চুলতানাৰ (Reg.no NEG-ASS-GEN 2015-61390) বিৰুদ্ধে চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ মেধাবী ছাত্ৰ-ছাত্ৰী বাবে দিয়া ইশান উদয় আঁচনিৰ ছাত্ৰবৃত্তিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ উল্লেখ কৰা ছাত্ৰ-ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিকৰ প্ৰমাণ পত্ৰৰ লগতে নিজ ইচ্ছা মতে নম্বৰ সালসলনি কৰাৰ অভিযোগ কৰিছে আৰটিআই কৰ্মীয়ে৷
উল্লেখ্য যে মানকাচৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগত গোপন বুজাবুজি কৰি ভুৱা প্ৰমাণপত্ৰ দেখুৱাই চৰকাৰৰ লাখ লাখ টকা আত্মসাত কৰিছে৷ ৰহস্যজনকভাবে মহাবিদ্যালয়ৰ অধ্যক্ষই আৰটিআই কৰ্মীক জনায় যে মহাবিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ কোনো ধৰণৰ নথিপত্ৰ জমা নাই আৰু জানায় যে ছাত্ৰ-ছাত্ৰীসকলে অনলাইন যোগে আবেদন কৰিছিল৷ মনকৰিবলগীয়া যে ছাত্ৰ-ছাত্ৰীয়ে অধ্যক্ষৰ চহী নোহোৱাকৈ কেনেকৈ পালে ইশান উদয় আঁচনিৰ ছাত্ৰবৃত্তিৰ ধন৷
ইফালে আৰটিআই কৰ্মীয় সমগ্ৰ বিষয়ত ইউনিভাৰ্চিটী গ্ৰেণ্ট কমিচনত (UGC) তথ্য জনাৰ অধীনত আবেদন জনায় কিন্তু UGC কৰ্তৃপক্ষই মানকাচৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ পৰা নথি-পত্ৰসমূহ সংগ্ৰহ কৰিবলৈ আৰটিআই কৰ্মীক জনায়। কিন্তু মানকাচৰ মহাবিদ্যালয়ৰ অধ্যক্ষই UGC নিৰ্দেশক প্ৰত্যাখ্যান কৰাৰ লগতে তথ্য জনাৰ অধিকাৰ ২০০৫ৰ আইনক অমান্য কৰাৰ অভিযোগ আৰটিআই কৰ্মীৰ৷ আৰটিআই কৰ্মীয়ে সমগ্ৰ বিষয় এক সঠিক তদন্তৰ দাবী জনায় UGCৰ উৰ্দ্ধতম কৰ্তৃপক্ষক৷ পৰবৰ্তী পৰ্যায়ত মানকাচৰ মহাবিদ্যালয়ৰ দুৰ্নীতিৰ অধিক তথ্য জনোৱা হ’ব৷