লাহৰীঘাটঃ মৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৬নং দাতিয়ালবড়ী গাঁও পঞ্চায়তত এম জি এন ৰেগা আঁচনিৰ জবকাৰ্ডৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে। অভিযোগ মতে ২৭-১-২০১৬ চনত মৃত্যু হোৱা নুৰ উদ্দিনৰ নামত থকা জবকাৰ্ডৰ পৰা ৯-৩-১৯ আৰু ১৬-৩-১৯ তাৰিখে দুবাৰকৈ টকা উঠোৱা ঘটনাই গাঁও পঞ্চায়তখনত চলি থকা পৰ্ব্বতসম দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে।
আনহাতে AS-12-098-014-002/569, 569C, 596A, 570, 570A, 570C, 570D, 575A, 575B, 1086 আৰু আন আন বহুতো জবকাৰ্ডৰ গৰাকীয়ে ২০১০ চনৰ পিছৰ পৰা জবকাৰ্ডৰ জৰিয়তে কাম বিচাৰি ফুৰে যদিও কাম নোপোৱাৰ অভিযোগ কৰিছে জবকাৰ্ডৰ গৰাকীয়ে। কিন্তু ইয়াৰ বিপৰীতে একাংশ দালাল চক্ৰই অসাধু বিষয়াক ধনেৰে মেনেজ কৰি উক্ত জবকাৰ্ডসমূহৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
সমগ্ৰ ঘটনা সন্দৰ্ভত মহিদুল ইছলাম নামৰ জবকাৰ্ডৰ গৰাকী জনে মৰিগাঁও জিলা ফৌজদাৰী আদালতত গাঁও পঞ্চায়তৰ সভাপতি হিবজুৰ ৰহমান, সম্পাদক ইকবাল হুছেইন, জি আৰ এচ বিয়ষা নছৰ উদ্দিন এ ই আছমা খাতুন তদাৰকী সমিতিৰ ছফিকুল ইছলাম, সাজাহান আলী, আফাজ উদ্দিনৰ নামত 420/406/468/409/120(B) IPC ধাৰাত গোচৰ ৰুজু কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ কথা কোৱা চৰকাৰখনে এনে দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষ্যণীয় হ’ব