১০দিনে নিৰুদ্দেশ লখিমপুৰৰ তিনি সন্তানৰ মাতৃ

 07/25/2019 - 21:29

লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত ৩নং গেৰেকীৰ এগৰাকী বোৱাৰী যোৱা ১৬ জুলাই সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে। ৩ নং গেৰেকীৰ নিবাসী বিলাত মিলিৰ পুত্ৰ ধনীৰাম মিলিৰ পত্নী তথা তিনিটি সন্তানৰ মাতৃ বৰ্ণালী মিলিয়ে (২৮) ১৬ জুলাইৰ সন্ধিয়াৰ পৰা নিজ গৃহৰ পৰা ৰহস্যজনকভাবে সন্ধানহীন হৈ আছে।

বৰ্ণালীৰ স্বামী তথা ধনীৰাম মিলিয়ে ওচৰ-চুবুৰীয়া, মিতিৰ-কুটুম্বৰ ঘৰত বহু বিচাৰিও বৰ্ণালীৰ সন্ধান উলিয়াব পৰা নাই। এই বিষয়ে বৰ্ণালীৰ স্বামী ধনীৰাম মিলিয়ে বগীনদী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীৰ ফালৰ পৰাও বৰ্তমানলৈকে কোনো সহায় নাপালে। কোনো সদাশয় লোকে বোৱাৰীগৰাকীৰ সন্ধান পালে 9678729852 এই নম্বৰত খবৰ দিবলৈ ধনীৰাম মিলিয়ে প্ৰতিবিম্ব লাইভৰ জৰিয়তে আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।