উত্তৰ গোধুনী চৰত বান সাহায্যৰ দমকল বিতৰণ

 07/25/2019 - 21:45

বৰপেটাঃ অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ উদ্যোগত বানাক্ৰান্তক এলানি সাহায্য প্ৰদানৰ কাৰ্যসূচী হাতত লোৱা হৈছে। তদুপলক্ষে আজি উত্তৰ গোধুনী চৰত প্ৰাথমিক বিদ্যালয়, মছজিদ আৰু প্ৰায় শতাধিক পৰিয়ালৰ বাবে পানী যোগানাৰ্থে কেবাটাও দমকল বিতৰণ কৰাৰ লগতে লগে লগে বইৰিং কৰি দিয়া হয়। অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সভাপতি নাজিৰ হুছেইনৰ একান্ত প্ৰচেষ্টাত গুৱাহাটীৰ বিশিষ্ট মানৱ দৰদী চিকিৎসক ডা০ হাসমত আলীৰ অৰ্থ সাহায্যৰ লগতে অন্যান্য মানৱ দৰদী সকলৰ সহযোগত আয়োজিত সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ উপ সভাপতি হাছান আলী, কাৰ্যকৰী সদস্য আমিনুল ইছলাম, ৰফিউল হুছেইন, ইনামুল ইছলাম আৰু জাকিৰ হুছেইনে।

বানাক্ৰান্তসকলৰ খোৱা পানীৰ বাবে যোগান ধৰা উক্ত কল্যাণমূলক কামত সহযোগ কৰে পদ্মপাৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মুলাম খান, বিকে নিত্যানন্দ-ওৱাহেদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক আহম্মদ খান আৰু কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদে। উল্লেখ্য যে অসম সংখ্যালঘু উন্নয়ন পৰিষদে অলপতে উত্তৰ গোধুনী চৰ, মাত্ৰাদিয়া চৰ, বালিজাৰি চৰ আৰু মাজৰ চৰত চাউল-চিৰা-দাইল-বিছনা চাদৰ, পানীৰ বটল আদি সামগ্ৰী বিতৰণ কৰি ৰাইজৰ আশীৰ্বাদৰ পাত্ৰ হৈ পৰিছে।

উল্লেখযোগ্য যে উত্তৰ গোধুনী চৰত এইবাৰৰ বানত এটি ঘৰ-দোৱাৰো বানৰ প্ৰৱল সোঁতত থিয় দি থাকিব পৰা নাই। সকলো পানী আৰু বোকাৰ তলত। ৰাইজৰ লগত মত বিনিময় অনুসৰি উক্ত ঠাইত স্থাপিত হৈ থকা প্ৰাথমিক বিদ্যালয় আৰু মছজিদটো পুনৰ নিৰ্মাণ কৰি সুচল কৰাৰলগতে কণ কণ ছাত্ৰীৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ নিৰ্মাণ কৰি পাঠদান কৰাৰ পৰিবেশ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে উদ্যোক্তাসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।