কোকৰাঝাৰঃ ৰাজ্যজুৰি উন্নয়নৰ ঢাক-ঢোল বজোৱা ৰাজ্য চৰকাৰ কিম্বা মডেল বিটিচিৰ সপোন দেখা বিটিচি চৰকাৰ নহয়, বানত ক্ষতিগ্ৰস্ত দলং এইবাৰ নিজে মেৰামতিৰ বাবে ওলাই আহিল কোকৰাঝাৰ জিলাৰ শিলিপতা গাঁওবাসী ৰাইজ৷ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত দোতমা ব্লো'কনাধীন শিলিপতা গাঁৱৰ যাতায়ত আৰু যোগাযোগৰ একমাত্ৰ ভৰসা এই কাঠৰ দলংখন যোৱা বানে বিধ্বস্ত কৰি পেলোৱাত বৃহস্পতিবাৰে উক্ত গাঁওবাসীয়ে লগে-ভাগে মিলি এনেদৰে পুনঃনিৰ্মাণ কৰিলে দলংখন৷
উক্ত গাঁওবাসীৰ মতে, এই দলংখনেই হৈছে তেওঁলোকৰ একমাত্ৰ ভৰসা৷ কিয়নো এই দলংখনৰ ওপৰৰেই এইখন গাঁৱৰ কন কন ল’ৰা ছোৱালী সকল বিদ্যালয়লৈ অহা-যোৱা কৰিবলগীয়া হোৱাৰ লগতে ইয়াৰ ওপৰৰেই তেওঁলোক যাবলগা হয় চিকিৎসালয় কিম্বা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিভিন্ন ঠাইলৈ৷ গাঁওবাসী ৰাইজৰ অভিযোগ, চৰকাৰে কোনো গুৰুত্ব দিয়া নাই এই দলংখনৰ প্ৰতি৷ গাঁওবাসীৰ চৰকাৰলৈ আহ্বান অতি শীঘ্ৰে চৰকাৰে নিৰ্মাণ কৰিব লাগে এই দলংখন৷