ওদালগুৰিঃ ওদালগুৰি জিলাৰ সাপমাৰী আৰক্ষী চকীৰ অন্তৰ্গত বকুলতলাত বৃহস্পতিবাৰে ৰাতি প্ৰায় ৯ বজাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। তিনিজনীয়া দুৰ্বৃত্তৰ দল এটাই গুলীয়াই আহত কৰে ৰানিপুখুৰী গাঁৱৰ মুছা আলী নামৰ নাপিত এজনক। দুৰ্বৃত্তৰ দলটোৱে মুছা আলীৰ নিজ বাসগৃহত আহি মাৰণাস্ত্ৰৰে অতৰ্কিতে মূৰত গুলীয়াই থৈ যায়। পিছত স্থানীয় ৰাইজে আমিৰ উদ্দিন ওৰফে কালীয়া আৰু ছমিৰ আলী নামৰ দুই দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও বিছু আলী নামৰ আন এজন দুৰ্বৃত্ত ঘটনা স্থলিৰ পৰা পলায়ন কৰে।
আনহাতে আটকাধীন দুই দুৰ্বৃত্তক স্থানীয় ৰাইজে উত্তম মধ্যম দি থকা অৱস্থাত সাপমাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্ত দুজনক আটক কৰি লৈ যায় যদিও আহত মুছা আলীক ঘটনাস্থলিতে পেলাই থৈ গুচি যায়। আৰক্ষীৰ এনে অদুৰদৰ্শী কাৰ্যত ক্ষুব্ধ হৈ ৰাইজ তথা দল-সংগঠনে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাত হে ওদালগুৰি আৰক্ষী উপস্থিত হৈ আহত ব্যক্তিজনক ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্বৃত্তই ব্যৱহাৰ কৰা পিষ্টল ঘটনা স্থলিৰ কাষত খেতি পথাৰৰ পানীত উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা পিষ্টলটো হস্তনিৰ্মিত বুলি জানিব পৰা গৈছে।
পেছাত নাপিত এজনক এনেদৰে নৃশংস আক্ৰমণৰ ঘটনাক স্থানীয় ৰাইজৰ লগতে দল-সংগঠনে সহজভাবে মানি ল’ব পৰা নাই। আমছুৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি ৰফিকুল ইছলামে উক্ত তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাৰ লগত জড়িত নৰপিশাচকেইটাক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনোৱাৰ লগতে আৰক্ষীৰ অদুৰদৰ্শী কাৰ্যক ধিক্কাৰ জনাইছে। অৱশ্যে উক্ত ঘটনাটোৰ আঁৰৰ ৰহস্য এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব।