ডুমডুমাঃ অসমৰ চাহ নগৰী ৰূপে খ্যাত বৃহত্বৰ ডুমডুমা অঞ্চলৰ উচ্চশিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান ডুমডুমা মহাবিদ্যালয়খনত নামভৰ্তিক কেন্দ্ৰ কৰি বিগত কিছু বছৰৰ পৰা এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। ডুমডুমাৰ লগতে ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহৰ পৰা হাইস্কুল আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে মহাবিদ্যলয়খনত আসনৰ সংখ্যা একেবাৰে সীমিত। যাৰ পৰিপেক্ষিতত হাইস্কুল আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত হৈ আহিছে।
এই বিষয়ে অঞ্চলটোৰ কেইবাটাও ছাত্ৰ সংগঠনে ২৬ জুন তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে নামভৰ্তিৰ পৰা বঞ্চিত শিক্ষাৰ্থীক তাৎক্ষণিকভাৱে নামভৰ্তিৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত একো ব্যৱস্থা গ্ৰহণ কৰা নাই। শুকুৰবাৰে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই মহাবিদ্যালয়খনত পূৰ্বতে চলি থকা পুৱাৰ শাখা পুনৰ মুকলি কৰাৰ লগতে মহাবিদ্যালয়খনত নামভৰ্তিৰ পৰা বঞ্চিত ৭৩২ গৰাকী শিক্ষাৰ্থীক শীঘ্ৰেই নামভৰ্তিৰ ব্যৱস্থা কৰাৰ দাবীত মহাবিদ্যালয়ৰ মুখ্য প্ৰৱেশ দ্বাৰৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত বিগত বৰ্ষতে ৰাজ্য চৰকাৰে বাজেটত উল্লেখ কৰা ডুমডুমাত নতুন মহাবিদ্যালয় স্থাপনৰ কাম অতিশীঘ্ৰে আৰম্ভ কৰা, নতুন মহাবিদ্যালয় স্থাপন নোহোৱা পৰ্যন্ত মহাবিদ্যালয়খনত পুনৰ পুৱাৰ শাখাটো মুকলি কৰাৰ দাবী জনাই ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ যোগেদি জিলা উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ডুমডুমা ৰাজহ চক্ৰটোৰ অন্তৰ্গত মুঠ ১১ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই বৰ্ষত ১৮১১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছিল আৰু ইয়াৰে ১১৬২ গৰাকী শিক্ষাৰ্থীয়ে মহাবিদ্যালয়খনত কলা শাখাত নামভৰ্তিৰ বাবে আবেদন কৰিছিল।
কিন্তু মহাবিদ্যালয়খনত বিগত বৰ্ষসমূহত স্নাতক শাখাত পুৱাৰ পাঠদানৰ ব্যৱস্থা কৰি কিছু পৰিমানে শিক্ষাৰ্থীসকলক নামভৰ্তিৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰি আহিছিল যদিও এই বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে এক নিৰ্দেশনা জাৰি কৰি পুৱাৰ পাঠদান বন্ধ কৰি দিয়ে। ফলত মহাবিদ্যালয়খনৰ কলা শাখাৰ ৩০০ আসনতহে নামভৰ্তিৰ সুযোগ পোৱাত অন্য ৭৩২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষা গ্ৰহণৰ সপোন থমকি ৰৈছে।