ৰিলায়েন্স জিঅ'ৰ গাঁত খন্দাত হাঁ‌হচৰাত ৰজাদিনীয়া মূৰ্তি উদ্ধাৰঃ ৰিলায়েন্স জিঅ'ৰ এই কাৰ্য সম্পৰ্কে অৱগত নহয় পুৰাতত্ত্ববিভাগ

 07/26/2019 - 18:44

নাজিৰাঃ শিৱসাগৰ জিলাৰ হাঁ‌হচৰা সিংহদুৱাৰ চাৰিআলিত বৃহস্পতিবাৰে আৰু শুক্ৰবাৰে উদ্ধাৰ হয় ৰজাদিনীয়া মূৰ্তি। ব্যক্তিগত প্ৰতিষ্ঠান ৰিলায়েন্স জিঅ'য়ে কৰ্মসূত্ৰে গাঁত খান্দোতে উদ্ধাৰ হয় ৰজাদিনীয়া শিলৰ মূৰ্তি। শিলেৰে নিৰ্মিত সিংহৰ মূৰ্তি ভগ্নাৱশেষ, এটা শিলৰ কলচী আৰু ৰজাদিনীয়া শিল, ইটা উদ্ধাৰ হোৱা ঘটনাই অঞ্চলবাসীক চিন্তিত কৰি তুলিছে। শিৱসাগৰ জিলাৰ পুৰাতত্ত্ব বিভাগৰ ভাষ্য অনুসৰি ৰিলায়েন্স জিঅ'ই উক্ত স্থানত গাঁত খন্দাক লৈ পুৰাতত্ত্ব বিভাগক কোনো কথাই অৱগত কৰা নাছিল।

ৰিলায়েন্স জিঅ'ৰ এই কাৰ্যৰ বিৰুদ্ধে এতিয়া পুৰাতত্ত্ব বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব তাকে লৈ স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে কিয়নো আগশাৰী ব্যক্তিগত প্ৰতিষ্ঠান ৰিলায়েন্স জিঅ'ই পুৰাতত্ত্ব বিভাগক অৱগত নকৰাকৈ কিদৰে এডোখৰ ৰাস্তাৰ কাষৰ চৰকাৰী মাটিত গাঁত খান্দিলে,স্থানীয় ৰাইজে এই কাম-কাজ চলাই নিয়া ব্যক্তিগত প্ৰতিষ্ঠান ৰিয়ালেন্স জিঅ'ৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ দাবী জনাইছে স্থানীয় প্ৰশাসনক। লগতে এই সম্পত্তিসমূহ সংৰক্ষণৰ ব্যৱস্থা জনাইছে স্থানীয় ৰাইজে। স্থানীয় চেৰেকাপাৰ আৰক্ষী চকীয়ে অৱশেষত আহোম যুগৰ এই মূৰ্তিসমূহ জব্দ কৰিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।