ডবকাঃ হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰত আজি আৰক্ষী অধীক্ষক অংকুৰ জৈনে এক সংবাদ মেলৰ আয়োজন কৰে৷ গৰুৰ ছিণ্ডিকেটৰাজ, মোৰাঝাৰ ষ্টেট বেংকত সংঘটিত কেলেংকাৰী আৰু এনআৰচিত নাম কৰ্তন যোৱাৰ ভয়ত আত্মহত্যা কৰা ৰহিম উদ্দিনৰ মৃত্যু সন্দৰ্ভত সংবাদমেলত স্থিতি স্পষ্ট কৰে৷ আজিলৈকে হোজাই জিলাৰ বিভিন্ন থানাৰ আৰক্ষীয়ে গৰু-ম'হৰ ছিণ্ডিকেটৰাজ সম্পৰ্কত ছয়টাকৈ গোচৰ পঞ্জীভূক্ত কৰাৰ লগতে ১২ জনকৈ লোকক আটক কৰিছে৷ যোৱা নিশা হোজাই জিলাৰ লংকাৰ উদালীৰ পৰা আৰক্ষীয়ে তিনিখন গৰুভৰ্তি গাড়ীৰ লগতে ৩৯ টা গৰু জব্দ কৰে৷ গৰুৰ ছিণ্ডিকেটত জড়িত চাৰি জন লোকক আটক কৰা হয়৷
গৰু সৰবৰাহৰ লগত জড়িত আটকাধীন কেইজনৰ নাম ক্ৰমে নিজাম উদ্দিন, ইছলাম উদ্দিন, আইনুল ইছলাম আৰু চাদিকুল আলম৷ হোজাই জিলাৰ মোৰাঝাৰৰ এছবিআই বেংকত সংঘটিত ৩৩ কোটিৰ কেলেংকাৰী সম্পৰ্কে আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে বৰ্তমান তদন্ত চলি আছে আৰু ঘটনাৰ আওতাত আহিবলগীয়া ১৮ জন অভিযুক্তৰ ভিতৰত চাৰি জন অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলি সংবাদমেলত কয়৷ হোজাই জিলাৰ উদালীত এনআৰচি সংক্ৰান্তত ৰহিম উদ্দিন নামৰ লোকজনৰ মৃত্যু সন্দৰ্ভত অধীক্ষকগৰাকীয়ে কয় যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে আৰু মৃত ৰহিমক ক'ত চিকিৎসা কৰা হৈছিল, কি কাৰণে তেওঁ আত্মহত্যা কৰিলে এই ক্ষেত্ৰটো তদন্ত চলাই থকা হৈছে৷