07/27/2019 - 18:01
in
নতুন দিল্লীঃ প্ৰদূষণৰ পিছতে জনসংখ্যাৰ ভৰতো ভাৰাক্ৰান্ত হৈ পৰিছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। জাপানৰ টকিঅ’ৰ পিছতে বিশ্বৰ জনবহুল মহানগৰী হিচাপে পৰিগণিত হৈছে দিল্লী।
ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি দিল্লীক বিশ্বৰ দ্বিতীয় জনবহুল মহানগৰ হিচাপে চিহ্নিত কৰা হৈছে।
ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা অনুসৰি ১৯৯০ চনৰ পিছত দিল্লীৰ জনসংখ্যা ২৫ নিযুতলৈ বৃদ্ধি পাইছে। উল্লেখ্য ৰাষ্ট্ৰসংঘই বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ মহানগৰীসমূহত যি তালিকা প্ৰকাশ কৰিছে সেই তালিকা অনুসৰি টকিঅ’ৰ স্থান সৰ্বপ্ৰথম৷