লংকাঃ মানৱ সমাজৰ বহু আশা ভৰসাৰ থল হ’ল চিকিৎসালয়| এজন চিকিৎসকক মানৱ সমাজে তুলনা কৰে ভগৱানৰ লগত৷ সেই চিকিৎসক সদৃশ ভগৱানেই যদি ৰোগীৰ জীৱনক লৈ হেতালী খেলে আপোনাৰ মোৰ সকলোৰে চকু নিশ্চয় কপালত উঠিব৷ তেনে এক আশ্চৰ্য্যজনক ঘটনা সংঘটিত হল হোজাই জিলাৰ লংকাৰ লংকেশ্বৰী হস্পিতাল এণ্ড ৰিৰ্জাজ চেন্টাৰত৷ ৰোগীক অস্ত্ৰোপ্ৰচাৰ কোঠাত সোমোৱাই অস্ত্ৰোপ্ৰচাৰ আধা কৰি দায়িত্ব ল’ব নোৱাৰো বুলি অস্ত্ৰোপ্ৰচাৰ কক্ষৰ পৰা উলিয়াই দিয়া হ’ল৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে যোৱা ৫ জুলাই তাৰিখে কাকীৰ এগৰাকী ব্যক্তি নাম বুলন নাথ হাজৰিকাৰ হঠাৎ পেতৰ বিষ হোৱাত পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে ভৰ্তি কৰাইছিল লংকাৰ লংকেশ্বৰী হস্পিতালত৷ ব্যক্তিগত খণ্ডৰ চিকিৎয়ালয়খনত ৰোগীগৰাকীক প্ৰথমে প্ৰাথমিক দুই এটা পৰীক্ষা কৰাই পেটত গোল্ড ব্লাডাৰ হৈছে বুলি কৈ ৬ জুলাই তাৰিখে কৰে অস্ত্ৰোপ্ৰচাৰ৷ OT কক্ষত ৰোগীগৰাকীক অস্ত্ৰোপচাৰৰ বাবে সোমোৱাই পেটত ফুটা কৰি আধাতেই চিকিৎসকে সমাপ্ত কৰে অস্ত্ৰোপচাৰ আৰু দায়িত্ব ল’ব নোৱাৰো বুলি পৰিয়ালক চমজাই দিয়ে ৰোগীক৷
উল্লেখ্য যে, অস্ত্ৰোপচাৰ কৰা ডাক্টৰৰ এজনে উলুটাই হে ৰোগীৰ পৰিয়ালক CT SCAN কৰিছেনে নাই বুলি প্ৰশ্ন সোধে কৰে আৰু CT SCAN যন্ত্ৰ হস্পিতালখনত নাই আৰু অন্যত কৰি পুনৰ হস্পিতাললৈ ৰোগী গৰাকীক আনিবলৈ নিৰ্দেশ দিয়ে৷ পিছত পৰিয়ালৰ লোক আৰু হস্পিতালখনৰ কৰ্তৃপক্ষৰ মাজত হয় বাক-বিতণ্ডা৷ শেষত ভূক্তভোগী পৰিয়ালৰ লোকে আধা অস্ত্ৰোপচাৰ কৰা ৰোগীক লৈ গুৱাহাটীৰ এখন উন্নত মানদণ্ডৰ চিকিৎসালয়ত চিকিৎসা আৰু অস্ত্ৰোপচাৰ কৰি সম্পূৰ্ণ ভাৱে সুস্থ কৰাই কাকীৰ নিজ ঘৰলৈ লৈ আহে| আনহাতে, লংকাস্থিত লংকেশ্বৰী হস্পিতালত ভূক্তভোগী পৰিয়ালৰ লোক উপস্থিত হৈ কৰ্তৃপক্ষৰ লগত কথা পাতিবলৈ চেষ্টা কৰে যদিও উপলুঙা মন্তব্য কৰি হস্পিতালৰ কৰ্তৃপক্ষই পলোৱাৰহে চেষ্টা কৰে৷ এতিয়া প্ৰশ্ন হয়, যদি লংকাৰ লংকেশ্বৰী হস্পিতালখনত অস্ত্ৰোপচাৰৰ আগমূহুৰ্তত ৰোগীক কৰিবলগীয়া যাৱতীয় আৰু প্ৰয়োজনীয় সা-সৰঞ্জাম নাইয়েই কিয় অস্ত্ৰোপচাৰৰ বাবে ৰোগী গৰাকীক OTত সোমোৱা হৈছিল?হস্পিতালখনৰ মূল উদ্দেশ্য ৰোগীৰ চিকিৎসা নে আন কিবা? পিছত ৰোগীৰ পৰিয়ালে সামগ্ৰীক ঘটনা সন্দৰ্ভত হস্পিতালখনৰ বিৰুদ্ধে অসমৰ স্বাস্থ্যমন্ত্ৰী, মানৱ অধিকাৰ আয়োগ আৰু হোজাই জিলা উপায়ুক্তলৈ উচিত বিচাৰৰ দাৱীত একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷