দৰঙত আৰ্তজনক সহায় ‘নীভ ফাউণ্ডেচন’ ৰ

 07/27/2019 - 19:24

মঙলদৈঃ নীল-অভি হত্যাকাণ্ডৰ ন্যায় আৰু উদীয়মান যুৱক দুজনৰ স্মৃতি জীপাল কৰি ৰখাৰ স্বাৰ্থত ব্যক্তিগত অনুদান তুলি যুৱক দুজনৰ কেইজনমান বন্ধুই ‘নীভ ফাউণ্ডেচন’ নাম লৈ দৰং জিলাৰ ছিপাঝাৰৰ কিৰিংবড়ি গাঁৱত গৈ বানপীড়িত ৰাইজৰ মাজত চাউল, ডাইল, গাখীৰ, বিস্কুট, পানীৰ বটল, চিৰা, মুৰী, গুৰ, নিমখ, চাহপাত, ব্লিচিং পাউদাৰ, মম, চাবোন আদি বিতৰণ কৰাৰ উপৰিও কাপোৰ, জোতা, চেণ্ডেল বিতৰণ কৰে৷ ৪৫০ জন ব্যক্তিৰ মাজত বিতৰণ কৰা এই সামগ্ৰী সমূহ বিতৰণত বিশেষভাৱে সহায় কৰে দৰঙৰ সদৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাই৷

নীভ ফাউণ্ডেচনৰ হৈ গাৰ্গী বৰুৱা, ভাৰ্গৱ ফুকন, জয়দ্বীপ কৌশিক, ঋতুৰাজ নেওগে এই সামগ্ৰীখিনি বিতৰণৰ জৰিয়তে অসমৰ ৰাইজক দেখুৱাই দিব বিচাৰিছে যে নিলোৎপল আৰু অভিজিতে আৰ্তজনক সহায় কৰি ভাল পাইছিল, গতিকে এই সামগ্ৰী বিতৰণৰ জৰিয়তে নীল অভিৰ আৰ্তজনৰ প্ৰতি থকা মৰম সমাজৰ আগত প্ৰতিফলিত হওঁক৷ আনহাতে আৰ্তজনক সহায় কৰিবলৈ সকলোকে আগুৱাই আহিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে এই কাৰ্যসূচীৰ পূৰ্বেও এই দলটিয়ে এনেদৰে আৰ্তজনৰ কাষত থিয় দিছিল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।