বানপীড়িত ছাত্ৰ-ছাত্ৰীক সামগ্ৰী বিতৰণ সঁহাৰিৰ

 07/28/2019 - 14:16

নলবাৰীঃ নলবাৰী জিলাত শেহতীয়াভাবে হোৱা বানপানীত জিলাখনৰ ৰাইজৰ দুখ-দুৰ্গতিৰ সীমা নোহোৱা হৈছে। তেনে সময়তে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে সৰিয়হতলীৰ বালভৱন বিদ্যাপীঠ হাইস্কুলত থকা বানাক্ৰান্ত ৰাইজলৈ দুপৰীয়াৰ আহাৰ যোগান ধৰে। যুৱ-ছাত্ৰ পৰিষদৰ এই পদক্ষেপক স্থানীয় বানপীড়িত ৰাইজে ভূয়সী প্ৰশংসা কৰে। সমান্তৰালভাৱে বিভিন্ন দল-সংগঠনে বানপীড়িত অঞ্চলত বিভিন্ন ধৰণৰ সহায়ৰ হাত আগবঢ়োৱাৰ লগতে আজি নলবাৰীৰ সঁহাৰি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে।

নলবাৰীৰ সৰিয়হতলী থকা বালভৱন হাইস্কুলৰ ৰিলিফ কেম্পত থকা বানাক্ৰান্ত লোকসকলৰ পঢ়া-শুনা কৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে সঁহাৰিৰ উদ্যোগত বিনামূলীয়াকৈ বহী, কলম, পেঞ্চিল, ৰবৰ আদি সঁজুলি বিতৰণ কৰা হয়। ৰিলিফ কেম্পত থকা প্ৰথম মানৰ পৰা স্নাতকলৈ পঢ়ি থকা ১১০ জন ছাত্ৰ-ছাত্ৰীৰ মাজত এই পঢ়া শুনাত ব্যৱহাৰ কৰা সঁজুলিবোৰ ব্যৱহাৰ কৰা হয়।

সঁহাৰিৰ সভাপতি প্ৰকাশ দাসে আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট সমাজসেৱক তথা নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালৰ অধ্যক্ষ গণেশ তামুলী, সমাজসেৱিকা ৰুবী মহন্ত, আছুৰ নলবাৰী জিলা সাধাৰণ সম্পাদক অক্ষয় ডেকা, যুৱ সমাজ সেৱক অধীৰ দাস উপস্থিত থাকে।

উপস্থিত থকা প্ৰতিজনকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি সঁহাৰিৰ উপ সভাপতি বিক্ৰম চৌধুৰীয়ে আগলৈও ৰাইজৰ বাবে এইদৰে ব্যতিক্ৰমী চিন্তা ধাৰাৰে সহায় সহযোগিতা আগবঢ়াব বুলি মন্তব্য প্ৰকাশ কৰে। বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ হকে সঁহাৰি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে এনেকুৱা ব্যক্তিক্ৰমী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সচেতন মহলে ভূয়সী প্ৰসংশা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।