বৰপেটাত আশ্ৰয় শিবিৰ পৰিদৰ্শন সাংসদ আব্দুল খালেকৰ

 07/28/2019 - 15:41

বৰপেটাঃ বৰপেটাৰ সাংসদ আব্দুল খালেকে শনিবাৰে বৰপেটাৰ কেবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বন্যাৰ্ত লোকৰ খবৰ লয়। বানপীড়িত ৰাইজৰ দুখ দুৰ্দশাৰ বতৰা লৈ সাংসদ খালেকে এইবাৰৰ বান অতি ভয়াৱহ বুলি উল্লেখ কৰে। বৰপেটা জিলাৰ লগতে সমগ্ৰ লোকসভা সমষ্টিটো বানত ডুব গৈ থকা বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে। জিলা প্ৰশাসনে বানপীড়িতৰ বাবে কৰিব পৰাখিনি কৰিছে যদিও চৰকাৰে প্ৰয়োজনীয় বান সাহায্য আগবঢ়োৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে।

অসমৰ বানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা সন্তোষজনক নহয় বুলিও ক্ষোভ উজাৰে কংগ্ৰেছ সাংসদগৰাকীয়ে। দেশৰ অন্য ৰাজ্যত বান হ’লে সকলোৱে সহায়ৰ হাত আগবঢ়োৱাৰ বিপৰীতে অসমৰ ক্ষেত্ৰত সেয়া দেখা পোৱা নাযায় বুলিও তেওঁ দোহাৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীক অসমলৈ আহি বান পৰিস্থিতি পৰ্যবেক্ষনৰ বাবে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো গৃহমন্ত্ৰীগৰাকীয়ে অসমলৈ নহাৰ প্ৰসংগক লৈয়ো অসন্তুষ্টি ব্যক্ত কৰে সাংসদ খালেকে।

গৃহমন্ত্ৰীৰ হাততেই যিহেতু দুৰ্যোগ ব্যৱস্থাপনাৰ দায়িত্ব ন্যস্ত আছে সেয়ে শীঘ্ৰে অসমলৈ আহি ৰাজ্যৰ এই ভয়াৱহ বান পৰ্যবেক্ষন কৰি প্ৰয়োজনীয় সাহায্য আগবঢ়োৱাৰ লগতে বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰিবলৈয়ো দাবী জনায়৷

সাংসদগৰাকীয়ে ব্ৰহ্মপুত্ৰ নৈ খননৰ লগতে ৰাজ্যৰ সৰু সৰু নৈসমূহ নিয়ন্ত্ৰণ আৰু খহনীয়া সমস্যাৰ সমাধানৰ বাবে ব্যৱস্থা ল’বলৈ চৰকাৰক দাবী জনায় সাংসদ আব্দুল খালেকে। অসমক অষ্টলক্ষ্মী বুলি অভিহিত কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পৰ্যন্ত অসমৰ বানপীড়িত লোকৰ খবৰ ল’বলৈ আহৰি নোহোৱাত উদ্বেগ প্ৰকাশ কৰে সাংসদজনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।