মঙলদৈঃ এপষেকৰ ভিতৰত দুটাকৈ বানে জুৰুলা কৰিলে মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত বিস্তীৰ্ণ অঞ্চল। বিগত ১৬ দিনে বানৰ কবলত থকা কেইবাখনো গাঁৱৰ শতাধিক ৰাইজ ওলাই আহিল ভগা মঠাউৰি বান্ধিবলৈ। বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰলৈ বাট নাচাই নিজৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ স্বাৰ্থত ওলাই আহিলে নোৱা নৈক ভেটিবলৈ।
মঙলদৈ কানাইচুবাবাসীৰ উদ্যোগত বৃহত্তৰ অঞ্চলৰটোৰ কেইবাখনো গাঁৱৰ ৰাইজে কঁকালত টঙালী বান্ধিছে নোৱা নৈক ভেটিবলৈ। ঘৰে ঘৰে বাঁহ, বেত তুলি নিজা শ্রম আৰু প্ৰচেষ্ঠাৰে ভগ্ন মথাউৰি বন্ধাৰ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ১৯ জুলাইত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি ছিঙা মথাউৰিৰ সমূহ শীঘ্ৰে মেৰামতিৰ নিৰ্দেশ দিছিল বিভাগীয় কৰ্তৃপক্ষ আৰু প্ৰশাসনক।
বৰ্তমান পানী শুকাইছে যদিও কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ তথা জিলা প্রশাসনৰ। এতিয়া বিভাগীয় কৰ্তৃপক্ষ তথা জিলা প্রশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো লক্ষণীয় হ’ব।