যোগীঘোপাঃ আকাশ চুইছে খাদ্য-সামগ্ৰীৰ মূল্যই। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ যোগীঘোপাত অস্বাভাৱিকভাৱে মূল্যবৃদ্ধি হৈছে শাক-পাচলিৰ। যোগীঘোপাৰ কাবাইটাৰীস্থিত শাক-পাচলিৰ পাইকাৰী সাপ্তাহিক বজাৰৰ পৰা ৰপ্তানি হয় নামনি অসমৰ চিৰাং, গোৱালপাৰা, ধুবুৰী আদি জিলালৈ। কিন্তু এতিয়া আকাশলংঘী মূল্যবৃদ্ধিয়ে চিন্তিত কৰি পেলাইছে খুচুৰা ব্যৱসায়ী আৰু গ্ৰাহকক। ভাল দিনৰ শ্ল’গান দি দিছপুৰৰ মছনদ দখল কৰা ৰাজ্য চৰকাৰে খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। নামনি অসমত হৈ যোৱা প্ৰলয়ংকাৰী বানপানীৰ ফলত শাক-পাচলিৰ খেতি পথাৰ বিনষ্ট হৈ যোৱাৰ সুবিধা গ্ৰহণ কৰি একাংশ ব্যৱসায়ীয়ে।
এতিয়া খাদ্য-সামগ্ৰী আৰু শাক-পাচলিৰ মূল্য পূৰ্বতকৈ তিনিগুন পৰ্যন্ত বৃদ্ধি কৰি গ্ৰাহকক ৰামটাঙোন সোধাইছে। একাংশ চতুৰ ব্যৱসায়ীয়ে প্ৰতিদিনে মূল্যবৃদ্ধি কৰাৰ পাছতো নাকি লগাব পৰা নাই চতুৰ ব্যৱসায়ীক জিলা প্ৰশাসন তথা যোগান বিভাগে৷ অতি আশ্চৰ্যজনকভাৱে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ গৃহ জিলাত নিয়ন্ত্ৰণহীন শাক-পাচলিৰ মূল্য। যোগীঘোপাত দৈনন্দিন জীৱনত ব্যৱহৃত হোৱা খাদ্য সামগ্ৰী আৰু শাক-পাচলিৰ অস্বাভাৱিক হাৰত মূল্যবৃদ্ধিয়ে কোঙা কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক৷
জিলাখনৰ অন্যান্য প্ৰান্তৰ লগতে সাপ্তাহিক বজাৰ আৰু গধুলী বজাৰত খাদ্য-সামগ্ৰী আৰু শাক-পাচলিৰ অস্বাভাৱিক মূল্যবৃদ্ধিত গ্ৰাহকসকল বিপাঙত পৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ যোগীঘোপাৰ কাবাইটাৰী সাপ্তাহিক পাইকাৰী বজাৰত বৰ্তমান কিলোৱে প্ৰতি অমিতা ৩০-৪০, আলু ২৫-৩০ টকা, নহৰু ৮০-৯৫ টকা, পটল ৫৫-৬০ টকা, জিকা ৪০-৫০ টকা, ভাত কেৰেলা ৪০-৫০ টকা, তিয়ঁহ ৪৫-৫৫ টকা, জলকীয়া ১৪০-১৫০ টকা, বিলাহী ৭০-৮০ টকা, লেচেৰা ৪০-৫০ টকা মূল্যত বিক্ৰী কৰি আহিছে৷ গ্ৰাহকে অতি শীঘ্ৰে খাদ্য সামগ্ৰী আৰু শাক পাচলিৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে কঠোৰ কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন আৰু যোগান বিভাগক দাবী জনাইছে৷