বৰপেটাঃ সমগ্ৰ অসমৰ লগতে বৰপেটাতো শেহতীয়া বানে জুৰুলা কৰি পেলাইছে। বানপানীৰ তলত প্ৰায় বিলাক অঞ্চল। বৰপেটা জিলাৰ কিছু কিছু ঠাইত কিছু কিছু পানী কমিবলৈ ধৰিছে যদিও আজিও কিছু কিছু অঞ্চলত পানী বাঢ়িয়ে আছে। বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰায়বিলাক অঞ্চল অভাৱনীয়ভাৱে বানাক্ৰান্ত হৈছে। ৪৬নং সৰুক্ষেত্ৰী সমষ্টিৰ ২০ পাকাবেতবাৰী জিলা পৰিষদৰ ৪৪ নং পশ্চিম পাকা গাঁও পঞ্চায়তৰ এলেকাধীন তেলেৰীয়া গাঁৱৰ দুৰাৱস্থাই সচেতন মহলক চিন্তিত কৰি তুলিছে। চৰকাৰে দুবাৰকৈ দিয়া বান সাহায্যৰ নামত গাইপতি এক কেজি চাউল আৰু দুইশ গ্ৰামকৈ দালি দি দায়িত্ব সামৰিছে যদিও সেয়া যথেষ্ট নহয় বুলি ৰাইজে ক্ষোভ উজাৰিছে।
তেলেৰীয়াৰ সৈতে উপৰোক্ত পঞ্চায়তটোৰ ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লৈ কিছু পৰিমানে বান সাহায্য বিতৰণৰ প্ৰস্তুতিৰ বাবে সচেতন নাগৰিকৰ এটি সজাতি দলে আজি উক্ত ঠাইবিলাকৰ ৰাইজৰ লগত মত বিনিময় কৰি দুৰাৱস্থাৰ বুজ লয়। তেলেৰীয়াৰ এটি ওখ ভেটিত শিবিৰ পাতি থকা ৫৫ টা পৰিয়াল, ১০৩৮ নং তেলেৰীয়া প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় লৈ থকা ৮৫ টা পৰিয়াল, তেলেৰীয়া জ্ঞানদ্বীপ প্ৰাথমিক বিদ্যালয়ত থকা ১০০ ধিক পৰিয়াল আৰু কয়াকুছি ভক্তৰডোবা পথৰ কয়াকুছি পথাৰত কাঠৰ দলঙৰ ওপৰত থকা ৪০ টাকৈ পৰিয়ালৰ মাজত অস্থায়ী শৌচালয়, পানী, খাদ্য সামগ্ৰী, তিৰপাল, চিকিৎসা আদি নথকাত হাহাকাৰৰ সৃষ্টি হৈছে।
আজিৰ উক্ত দলত উপস্থিত থাকে শংকৰ আজানৰ সচিব আব্দুল জলিল, আমছুৰ বৰপেটা জিলাৰ উপ সভাপতি মো: তোতা মিঞা, কয়াকুছিৰ সচেতন নাগৰিক মঞ্চৰ যুটীয়া সম্পাদক তথা সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদ, স্থানীয় যুৱক আনোৱাৰ হুছেইন, ছবুৰ আলী, তাইজ উদ্দিন, বাবুল হুছেইন, ময়নাল হক, ৰহিজুল হক, তাইজুদ্দিনে।