আসাম স্পৰ্টচ কাৰাটে একাডেমী তৰফৰ পৰা বান সাহায্য বিতৰণ

 07/28/2019 - 17:33

বৰপেটাঃ ৰাজ্যত হোৱা ভয়ংকৰ বানপানীৰ ফলত নিজৰ সৰ্বস্ব হেৰুৱাই অস্থায়ী শিবিৰত বাস কৰা লোকসকলৰ মাজত দেখা দিয়া খাদ্য সংকটে সৃষ্টি কৰিছে এক আহুকলীয়া পৰিস্থিতিৰ। এই আহুকালৰ পৰা পৰিত্ৰাণ দিবলৈ বিভিন্ন দল সংগঠনৰ লগতে আসাম স্পৰ্টচ কাৰাটে একাডেমি গুৱাহাটীৰ বিষয় ববীয়াসকলে বানাক্ৰান্ত আশ্ৰয় শিবিৰসমূহত থকা বন্যাৰ্ত লোকসকলক কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে।

বৰপেটা গান্ধীনগৰ বিকলাঙ্গ স্কুল, মথাউৰি, নতুন জিলা পৰিষদৰ প্ৰায় ৩৫০ পৰিয়াল লোকসকলক বিভিন্ন সামগ্ৰী বিতৰণ কৰে। আশ্ৰয় শিবিৰটোত থকা চাউল, দালি, বিস্কুট, গাখীৰ, নিমখ, আলু, চয়াবিন, চিৰা, মুৰী, কাপোৰ, আঠুৱা, মমবাটি, পানী, কাচুৱা বিতৰণ কৰা হয়। সামগ্ৰী বিতৰণ কাৰ্যসূচীত একাডেমীৰ কাৰাটে প্ৰশিক্ষক গণেশ দেৱনাথ, একাডেমীৰ প্ৰশিক্ষাৰ্থী আৰু বৰপেটা জিলা কাৰাটেৰ সাধাৰণ সম্পাদক হাচমত আলী লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।