কামপুৰঃ অৱশেষত অপেক্ষাৰ অন্ত পৰিল। সংবাদ মাধ্যমৰ বাতৰিয়ে গা লৰালে স্বাস্থ্য বিভাগক। বাতৰি প্ৰকাশৰ ২৪ ঘণ্টাৰ নৌহওঁতেই পদক্ষেপ হাতত ল’লে নগাওঁ জিলাৰ যুটিয়া স্বাস্ব্য সঞ্চালকে। নগাঁৱৰ লুটুমাৰিত সংবাদ মাধ্যমক ধন্যবাদ দিলে স্থানীয় ৰাইজে। উল্লেখ্য যে সংবাদ মাধ্যমৰ বাতৰিৰ পিছতেই গা লৰিল স্বাস্থ্য বিভাগৰ। লুটুমাৰিলৈ আহিল ডাক্তৰ। বহুবল্কি মন্ত্ৰী হিমন্ত-পিযুষৰ স্বাস্থ্য বিভাগৰ এখন লাজ লগা ছৱি দেখা পোৱা গৈছিল স্বাস্থ্য কেন্দ্ৰটোত।
য’ত চিকিৎসকৰ অভাৱৰ কাৰণে এখন লিখিত জাননী দি ইয়াৰ কৰ্মচাৰীয়ে সাময়িকভাৱে বন্ধ ৰাখিছিল চিকিৎসালয়খন। নগাঁও জিলাৰ ৰহা সমষ্টিৰ কচুৱাৰ লুটুমাৰিৰ এই চিকিৎসালয়খন বন্ধ হোৱাত তীব্ৰ সমস্যাত পৰিছিল স্থানীয় ৰাইজ। উল্লেখ্য যে বৰ্তমানৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰীকা ৰহা সমষ্টিৰ বিধায়ক হৈ থকাৰ সময়ত লুটুমাৰীৰ প্ৰাথমিক চিকিৎসালয় খন গঢ় দিছিল। কিন্ত লুটুৰাৰীৰ এই চিকিৎসালয়খনত চিকিৎসকৰ অভাৱত অভাৱত ফাৰ্মাচিষ্টে ৰোগীক চিকিৎসা কৰাৰ বাবে এটি শিশুৰ মৃত্যুও হৈছিল কিছুদিনৰ আগতে।
যাৰ কাৰণে যোৱা দুই জুলাইত ৰাজহুৱাকৈ জাননী আৰি চিকিৎসালয়ত চিকিৎসা সেৱা বন্ধ কৰি ৰাখিছিল আৰু এই বাতৰি প্ৰকাশ হোৱাৰ পিছতেই নগাঁও জিলাৰ যুটিয়া স্বাস্থ্য সঞ্চালক এ চি পাতৰে তাৎক্ষনিক পদক্ষেপ লৈ এজন ডক্তৰ নিয়োগ কৰিছে লুটুমাৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। ইফালে নগাঁও কাৰ্বি আংলং সীমান্তত অৱস্থিত লুটুমাৰী অঞ্চলত সঘনাই বিভিন্ন ৰোগে ভয়াবহ ৰূপ লয়। কিন্ত স্বাস্থ্য খণ্ডখনত বৰ্তমানেও এখন এম্বুলেঞ্চ আৰু খোৱাপানীকে ধৰি বিভিন্ন সমস্যাত পৰি আহিছে। এই দুৰৱস্থাত তীব্ৰ সমস্যাত পৰিছে স্থানীয় ৰাইজ। ৰাইজে চিকিৎসালয়খনত অনতিপলমে স্থায়ী চিকিৎসক নিয়োগকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবী জনাইছে৷