বৰপেটাঃ বানত ককবকাই থকা সৰুক্ষেত্ৰী সমষ্টিৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলত আজি গুৱাহাটীৰ আঠগাঁও কবৰস্থান কমিটি আৰু আঠগাঁও যুৱক সংঘৰ পৰা আহি বান সাহায্য বিতৰণ কৰে। আঠগাঁও কৱৰস্থান কমিটি উপদেষ্টা নাছিৰ খান, সম্পাদক ইনামুৰ ৰহমান, সহকাৰী সম্পাদক মহম্মদ মোৰ্তাজা, ধনভঁৰালী তাৰিকাত আলী চৌধুৰী, সদস্য নুৰুল ইছলাম শইকীয়া, দিবাকৰ দেৱ নাথ আদিৰ নেতৃত্বত ২৫ জনীয়া এটি দলে চাৰিখন বলেৰ’জাতীয় গাড়ীৰে কয়াকুছি বজাৰত উপস্থিত হৈ প্ৰথমে দলটোৱে মৰিচা, চকিৰভিটা, লক্ষীবজাৰ, শৰনাৰ্থী, কেউকপাৰা আদি অঞ্চলৰ ৰাইজে কয়াকুছি-বৰপেটা গড়কাপ্টানি পথত শিবিৰ পাতি থকা, কয়াকুছি মহাবিদ্যালয়ত, ভৌকামাৰী, পশ্চিম পাকা আজাদ মেম’ৰিয়েল হাইস্কুল, হৰেন্দ্ৰ-চিত্ৰা মহাবিদ্যালয়, হৰেন্দ্ৰ-চিত্ৰা কণিষ্ঠ মহাবিদ্যালয়, ৮১২ নং প্ৰাথমিক বিদ্যালয়, পিঠাদি প্ৰাথমিক বিদ্যালয়, ১০৩৮ নং তেলেৰীয়া প্ৰাথমিক বিদ্যালয়, তেলেৰীয়া আশ্ৰয় শিবিৰত থকা ২০১২ টা পৰিয়ালৰ মাজত বান সাহায্য বিতৰণ কৰে।
প্ৰতিটো পৰিয়ালক প্ৰদান কৰা একোটা পেকেটত ৫ কিলোগ্ৰাম চাউল, ১ কিলোগ্ৰাম চিৰা , গুড়ৰ পেকেট, গ্ৰাম মুৰী, নিমখৰ পেকেট, গাখীৰৰ পেকেট, বিস্কুট, পানীৰ বটল, দিয়াচলাই, ড্ৰিংকিং ফ্ৰুইটছ, ধূপ, ফেনাইল আদিকে কৰি ১৫ বিধ সামগ্ৰীৰ লগতে কিছু কাপোৰ বিতৰণ কৰে। দলটোৰ লগত পশ্চিম বেতবাৰী সমবায় সমিতিৰ সম্পাদক জালাল উদ্দিন ভূঞা, যুৱ সমাজকৰ্মী দেৱান ফকৰুল আলম, সফিকুল ইছলাম, সাকিম উদ্দিন, বিশিষ্ট চিকিৎসক ডাঃ আব্দুছ কদ্দুছ সিকদাৰৰ লগতে কয়াকুছি প্ৰেছ ক্লাৱ আৰু কয়াকুছি প্ৰেছ গীল্ডৰ বহু কেইজন সংবাদকৰ্মীয়ে সহযোগ কৰে।