ৰহাত চাৰি তিৱা জাতীয় সংগঠনৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান

 07/28/2019 - 20:01

ৰহাঃ এটা জাতি উন্নয়নৰ বাবে সামাজিক-সাংস্কৃতিক-ক্ৰীড়াৰ লগতে ৰাজনৈতিক ক্ষেত্ৰ আদি সকলো দিশৰ প্ৰতিভাসম্পন্ন ব্যক্তিৰে অবদান থাকিব লাগিব৷ বৰ্তমান আমি প্ৰতিযোগিতাৰ লগত দৌৰিব বিচাৰি থকাৰ ফলতে আনৰ প্ৰতিভাক স্বীকৃতি দিব নিবিচাৰো৷ এই মন্তব্য বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাতৰৰ। আজি ৰহা পণ্ডিত গোপীনাথ বৰদলৈ হাইস্কুলত ৰহা আঞ্চলিক তিৱা ছাত্ৰ সন্থা, ৰহা শাখা তিৱা সাহিত্য সভা, ৰহা জ’ন তিৱা সাংস্কৃতিক সমাজ আৰু ৰহা আঞ্চলিক তিৱা মহিলা সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক পাতৰে পুনৰ কয় যে এটা জাতি সমাজত প্ৰতিষ্ঠিত হ’বলৈ, সমাজলৈ গৌৰব কঢ়িয়াই আনিবলৈ নিদিষ্ট উৎস থাকিব লাগিব৷

সেয়া হয়তো ৰাজনৈতিক, সাংস্কৃতিক বা অন্য কোনো দিশতো হ’ব পাৰে৷ ৰহা শাখা তিৱা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত পাতৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশেষ সম্বৰ্ধনা সভাখন উদ্বোধন কৰি ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাই উদ্বোধনী ভাষনত কয় যে বৰ্তমান ভাৰতবৰ্ষত বৃটিছ প্ৰণয়ন কৰা শিক্ষা ব্যৱস্থাৰে শিক্ষা দান কৰি থকা হৈছে যদিও এই শিক্ষা ব্যৱস্থাত বহুতো কেৰোণ আছে৷ এই শিক্ষা ব্যৱস্থাত স্বাৱলম্বিতাৰ পৰিবৰ্তে পৰমুখাপেক্ষি হ’বলৈহে উদগনি দিয়াৰ বহু কথা আছে। শেহতীয়াকে 'নতুন শিক্ষানীতি ২০১৯' প্ৰণয়ন কৰাৰ বাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও এই শিক্ষা ব্যৱস্থাই অসমৰ দৰে ৰাজ্যৰ ভৌগোলিক পৰিবেশত যথেষ্ট প্ৰভাব পেলাব বুলিও মন্তব্য কৰে৷

ৰাজেন গাওখোৱাই উদেশ্য বাখ্যা কৰা সভাখনত তিৱা জনগোষ্ঠীয় সমাজলৈ সাহিত্য, সংস্কৃতি, শিক্ষা, ক্ৰীড়া আৰু জাতীয়তাবাদৰ জৰিয়তে বিশেষভাবে অৰিহণা আগবঢ়োৱা নবীন-প্ৰবীন প্ৰজন্মৰ জনগোষ্ঠীটোৰ ক্ৰমে জোঙাল বলহুৰ প্ৰতিমূৰ্তি অংকন কৰা শিল্পী ভূৱন ডেকাৰজা, লেখক-সমাজসেৱক ভদ্ৰেশ্বৰ পাটৰ, শিল্পী ৰাম প্ৰসাদ দেউৰী, লিখক সাহিত্যিক শৰৎ চন্দ্ৰ পাটৰ, সংগীতসাধক, শিল্পী বিমান গাওখোৱা, ভাস্কৰ্য শিল্পী ভগৱান সেনাপতি, শিল্পী টুকেশ্বৰ সেনাপতি, যুৱ লেখক তথা বিশিষ্ট গবেষক ভাস্কৰ বৰদলৈ, উদীয়মান লেখক পম্পী মনি দেউৰী, গায়ক-শিল্পী ৰাজেন গাওঁবুঢ়াকে ধৰি ২০গৰাকী বিশিষ্ট ব্যক্তিৰ লগতে ২০১৯ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলকো সম্বৰ্ধনা জনোৱা হয়৷

অনুষ্ঠানটোত সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি দীপেন মছৰং, সদৌ তিৱা মহিলা সন্হাৰ সভানেত্ৰী টুটুমনি ডেকাৰাজা, সদৌ তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা নগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি প্ৰহ্লাদ কুমাৰ মছৰং, ৰহা আঞ্চলিক সাংবাদিক সভাপতি দিপক কুমাৰ শৰ্মা, মানব অধিকাৰ সংগ্ৰাম সমিতিৰ সহঃসচিব তথা ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক লক্ষী প্ৰসাদ ডেকা, বিশিষ্ট সাহিত্যিক সমালোচক ভাস্কৰ বৰদলৈ, শিক্ষাবিদ ড° অমিয়া পাতৰৰ লগতে যথেষ্ট সংখ্যক লোক উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।