07/29/2019 - 15:00
in
ডিজিটেল ডেস্কঃ আজি বিশ্ব বাঘ্ৰ দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখিয়েই আজি এজনী বাঘিনীৰ নাম ৰখা হ’ল হিমা দাস। এই কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। হিমা দাস নামৰ ছমহীয়া বাঘিনীজনী আছে বেংগালুৰুৰ বানেৰঘাটা বন্যপ্ৰাণী উদ্যানত। অসম কন্যা স্বৰ্ণৰাণী হিমাৰ নামেৰে নামাকৰণ কৰাৰ পিছতে বাঘিনীজনী চাবলৈ উদ্যানলৈ দৰ্শনাৰ্থীৰ সোঁত বৈছে।
তাৰকা খেলুৱৈৰ নামেৰে বাঘক নামকৰণ কৰা এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী, ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ নামেৰেও বানেৰঘাটা বন্যপ্ৰাণী উদ্যানত বাঘৰ নামাকৰণ কৰা হৈছে। উল্লেখযোগ্য যে ২০১৮ বৰ্ষৰ তুলনাত দেশত বাঘৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে। বৰ্তমান সমগ্ৰ দেশত থকা বাঘৰ সংখ্যা হৈছে ২৯৬৭ টা।