খোৱাংঃ বানত সৰ্বস্বান্ত হোৱা লেজাই-কলাখোৱাবাসীৰ সমস্যা আজিও যেন অন্ত পৰা নাই। পানী শুকোৱাৰ পিছত বানত জুৰুলা হোৱা লোকসকল আশ্ৰয় শিবিৰৰ পৰা নিজৰ আপোন ঘৰখনলৈ গৈছে যদিও বানে বুৰাই পেলোৱা শাওণৰ উদং পথাৰখন দেখি মুৰে কপালে হাত দিব লগা হৈছে গঞা। কাৰণ বানে তচ-নচ কৰি পেলোৱা পথাখনত ৰোবলৈ নাই কঠিয়া। ইফালে কৃষি বিভাগেও বানাক্ৰান্ত কৃষকসকলৰ এই সমস্যাটোৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। উল্লেখ্য যে মৰাণ বিধান সভা সমষ্টিৰ অন্তৰ্গত লেজাই, কলাখোৱা আৰু বগীবিলৰ এক বৃহৎ এলেকাৰ প্ৰায় অৰ্ধশতাধিক গাঁও বানৰ কবলত পৰি সৰ্বস্বান্ত হৈ পৰিছিল।
চৰকাৰৰ কোনো কোনো বিভাগৰ লগতে জাতীয় সংগঠন বিলাকে সময়ে সময়ে বানপীড়িত ৰাইজক সাহায্য প্ৰদান কৰি আহিছে যদিও পশু খাদ্যৰ ক্ষেত্ৰত সমস্যা সৃষ্টি হৈ আছে অঞ্চলকেইটাত। আনহাতে বানত জুৰুলা হোৱা অঞ্চলকেইটাত চিকিৎসা শিবিৰো প্ৰয়োজনতকৈ কম হোৱা বুলি জনাইছে স্থানীয় ৰাইজে। সম্প্ৰতি অঞ্চলকেইটাত কোনো কোনো লোকৰ জ্বৰ, মুৰৰ বিষ আদি ৰোগো হ'বলৈ ধৰিছে বুলি জানিবলৈ দিছে। ইফালে বানবিধ্বস্ত অঞ্চলকেইটাত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ উপস্থিত হৈ পৰিস্থিতি বুজ লৈছিল যদিও অসম চৰকাৰৰ কোনো এজন মন্ত্ৰী আজি পৰ্যন্ত উপস্থিত নহ'ল।
মুখ্যমন্ত্ৰীৰ গৃহ জিলা হোৱা স্বত্বেও অঞ্চলকেইটাৰ প্ৰতি এনেধৰণৰ আওকণীয়া মনোভাব লোৱাত বানাক্ৰান্ত লোকসকল ক্ষোভিত হৈ পৰিছে। আনহাতে বানবিধ্বস্ত অঞ্চলকেইটা অলপতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰি গ'ল যদিও এয়া এক নাটকহে আখ্যা দিছে স্থানীয় ৰাইজে। কাৰণ প্ৰতি বছৰে বানত জুৰুলা হোৱা অঞ্চলকেইটাৰ বান সমস্যাটো সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক কোনো এখন চৰকাৰেই এক দীৰ্ঘম্যাদী সমাধানৰ সুত্ৰ উলিয়াব পৰা নাই। ৰাইজে সেয়ে আস্থা হেৰুৱায় পেলাইছে চৰকাৰৰ ওপৰত।