মৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ অধিনৰ হাঁহচৰাত গড়কাপ্টানি বিভাগত দুৰ্নীতিৰ অভিযোগ

 07/30/2019 - 14:38

মৰিগাঁওঃ অসমৰ প্ৰভাৱশালী মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্টানি বিভাগৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ হাঁহচৰা গাঁৱত গড়কাপ্টানি পথৰ কামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে। উল্লেখ্য যে যোৱা ১০ দিন আগত ভূৰাগাঁৱৰ ফজৰ আলী নামৰ ঠিকাদাৰজনে অনিয়ম সংঘটিত কৰি স্থানীয় ৰাইজক ভয় ভাবুকি দেখুৱাই ৰাস্তাৰ কাম চলাই আছে। দেওবাৰে স্থানীয় ৰাইজে ভেলৌগুৰী আৰক্ষী থানাত কামৰ দুৰ্নীতিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

স্থানীয় ৰাইজৰ অভিযোগ যে ঠিকাদাৰ জনে ৰাস্থাটো চাফা নকৰাকৈ ওপৰে ওপৰে কম পৰিমাণৰ পানীতেল মাৰি যেনতেন প্ৰলেপেৰে ৰাস্তাৰ কাম কৰি আছে। বৰ্তমান স্থানীয় ৰাইজে কাম বন্ধ ৰাখিছে আৰু ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আৰু গড়কাপ্টানি বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অতি সোনকালে ব্যৱস্থা ল’বলৈ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।