নগৰবেৰাঃ বানে নষ্ট কৰি থৈ নগৰবেৰাৰ টুপামাৰী অঞ্চলৰ কৃষি পথাৰ। কৃষি প্ৰধান অঞ্চলটোত এতিয়া কৃষকৰ হাহাকাৰ। যোৱা প্ৰলয়ংকাৰী বানে নগৰবেৰাৰ টুপামাৰী অঞ্চলৰ শ শ বিঘা খেতি ধ্বংস কৰি থৈ যোৱাত এতিয়া হাহাকাৰ কৰিছে কৃষক পৰিয়ালসমূহে। বিশেষকৈ টুপামাৰী অঞ্চলৰ একাংশ শিক্ষিত নিৱনুৱা যুৱকে চাকৰিৰ আশা ত্যাগ কৰি আৰম্ভ কৰা খেতি পথাৰ সম্পূৰ্ণৰূপে নিঃশেষ কৰি থৈ গ’ল বানে।
অঞ্চলটোত যুৱ খেতিয়কসকলে কৰা উন্নত জাতৰ বগৰী খেতি, কল খেতি আৰু পাচলি খেতি বানে সম্পূৰ্ণৰূপে ধুই নিয়াত এতিয়া হতাশাত ভুগিছে তেওঁলোক। হাজাৰ হাজাৰ টকা খৰছ কৰি কৰা এনে উন্নত জাতৰ খেতি বানে নিঃশেষ কৰাত মূৰে কপালে হাত দিছে শিক্ষিত যুৱ খেতিয়কে। কেৱল এয়াই নহয়, অঞ্চলটোৰ বৃহৎ পৰিমাণৰ মৰাপাট খেতিৰ লগতে বিঘাই বিঘা ধানখেতিও পানীত ডুবি নষ্ট হোৱাত হাহাকাৰ কৰিছে কৃষকসকলে। অঞ্চলটোৰ কৃষকসকলৰ এনে দুৰৱস্থাৰ উচিত ক্ষতিপূৰণ দিবলৈও দাবী জনাইছে ভুক্তভোগী কৃষকে।