অল অৰুণাচল প্ৰদেশ গোৰ্খা য়ুথ ৱেলফেয়াৰ এছ’চিয়েছন কেপিটেল কমপ্লেক্সৰ ভানু জয়ন্তী পালন

 07/30/2019 - 17:28

বিহালীঃ অল অৰুণাচল প্রদেশ গোর্খা য়ুথ ৱেলফেয়াৰ এছ’চিয়েছন কেপিটেল কমপ্লেক্সৰ উদ্যোগত ২০৫ সংখ্যক ভানু জয়ন্তী, ষষ্ঠ বার্ষিক কৃতী ছাত্র-ছাত্রীক সম্বৰ্ধনা অনুষ্ঠান ২৮ জুলাইত সিদ্ধাৰ্থ ভৱনত অনুষ্ঠিত হৈ যায়। সঞ্জীৱ চেত্রীয়ে আঁত ধৰা সভাখনত অৰুণাচল নিচি ইউথ এছ’চিয়েনৰ সভাপতি ব্যাবম জোৰামে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রীৰ পিএল অ তথা অৰুনাচল নিচি ছাত্র সন্থাৰ প্রাক্তন সভাপতি নেৰি টেচাই সম্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰে। বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি বিশিষ্ট শিল্পী বিনোদ খনালে কয় যে সংস্কৃতি অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে আৰু ভাষা সংস্কৃতিয়ে জাতিক বান্ধি ৰাখে বুলি কৈ সকলো জাতি জনগোষ্ঠীক নিজৰ নিজৰ কলা-সংস্কৃতি জীয়াই ৰাখিবলৈ আহ্বান জনায়। অসম আৰু অৰুণাচলৰ মাজত একো পার্থক্য নাই বুলিও কয় খনালে।

স্থানীয় বিদ্যালয়ৰ অধ্যক্ষ লোকনাথ শৰ্মাই ভানুৰ জীৱন আৰু আদর্শৰ ওপৰত বক্তব্য প্রদান কৰে। অল অৰুলাচল য়ুথ এছ’চিয়েচনৰ সভাপতি শ্যাম ঘোটানী, সম্পাদক ৰাজেচ চেত্রী, কোষাধ্যক্ষ দিলীপ চেত্রী, প্রতিষ্ঠাপক সভাপতি ডেভিদ চেত্রী আদিয়ে অংশগ্রহণ কৰে উক্ত সভাত অংশগ্ৰহণ কৰে। আনহাতে অসমৰ পৰা যোৱা সাংবাদিক ভুৱন লুইটেল, গায়ক গোপাল গোর্খা খনাল, যুৱ ব্যৱসায়ী দেৱ কুমাৰ ছেত্রীক নেপালী টুপি, গামোচা আৰু বেজ পৰিধান কৰি সম্বর্ধনা জনায়। ৰাতি বিজয় দর্জী, গোপাল গোর্খা খনাল আৰু গায়ত্রী সোনাৰে গীত পৰিৱেশন কৰে। সভাৰ অন্তত শাখাৰ সভাপতি ৰাজু চেত্রী আৰু আশিস তামাঙে শলাগৰ শৰাই আগবঢ়ায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।