ব্যক্তিগত ভাৱে কৃতি শিক্ষাৰ্থীক আৰ্থিক অনুদান কাকপথাৰ আৰক্ষী বিষয়াৰ

 07/30/2019 - 19:09

কাকপথাৰঃ এজন আৰক্ষী বিষয়াৰ এক ব্যতিক্ৰমী পদক্ষেপে ৰাইজৰ আদৰ লাভ কৰিছে৷

কাকপথাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক বিকাশ জ্যোতি ডেকাই সম্পূৰ্ণ ব্যক্তিগতভাৱে কাকপথাৰ আৰু ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ষ্টাৰ নম্বৰ লাভ কৰা কেইবা গৰাকীও কৃতি ছাত্ৰ ছাত্ৰীক আৰ্থিক অনুদান প্ৰদানৰ লগতে অভিনন্দন জনায়।

আৰক্ষী বিষয়াজনৰ এই পদক্ষেপক সকলোৱে শলাগ লোৱাৰ লগতে প্ৰশংসা কৰিছে বৃহত্তৰ কাকপথাৰৰ লগতে অসম অৰুণাচল সীমান্তৱৰ্তী ডিৰাকবাসীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।