ডিজিটেল ডেস্কঃ প্ৰায়ে দেখা পোৱা যায় যে ৰে’লৱে ষ্টেচনত পানী খাবলৈ পানী বটল কিনে আৰু খালী হোৱাৰ পিছত সেইবটলসমূহ একাংশ লোকে প্লেটফ’ৰ্মত পেলাই দিয়ে। কিন্তু এতিয়া সেই খালী বটলসমূহৰ দ্বাৰা উপাৰ্জন কৰিব পাৰিব। আচলতে ভাৰতীয় ৰে’লৱে দেশৰ ২২০০ৰো অধিক ৰে’লৱে ষ্টেচনত বটল ক্ৰাছাৰ মেচিন লগাবলৈ প্ৰস্তুত কৰিছে।
এই মেচিনৰ দ্বাৰা বটলসমূহ ৰিচাইকেল কৰি পুনৰ ব্যৱহাৰৰ বাবে উপযোগী কৰা হ’ব। ইয়াৰ উপৰি মেচিনত খালী বটল ভৰোৱাজনক পাঁচ টকাৰ কুপন দিয়া হ’ব বুলি প্ৰকাশ কৰে ভাৰতীয় ৰে’লৱে। উল্লেখযোগ্য যে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত বিহাৰৰ ৰাজধানী পাটনা ৰে’লৱে ষ্টেচনত বটল ক্ৰাছাৰ মেচিন লগোৱা হৈছে।
পূব মধ্য ৰে’লৱে চি পি আৰ অ’ ৰাজেশ কুমাৰে কয় যে যোৱা বছৰ ১৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ ৰে’লৱেৰ দ্বাৰা আয়োজিত কৰা স্বচ্ছতা অভিযানত এই মেচিনসমূহ লগোৱা হৈছিল। আৰু লগতে কয় যে বৰ্তমান পাটনা, দানাপুৰ আৰু ৰাজেন্দ্ৰ নগৰ টাৰ্মিনেলত মুঠ প্তটা বটল ক্ৰাছাৰ মেচিন লগোৱা হৈছে। তেখেতে কয় যে এনে কৰিলে পৰিৱেশ সুৰক্ষিত হোৱাৰ লগতে এই বটলসমূহ পুনৰ উপযোগী ব্যৱহাৰৰ উপযোগী হৈ পৰিব।