নাজিৰাঃ কিছুদিন পূৰ্বে প্ৰলয়ংকাৰী বানে অসমৰ বিভিন্ন প্ৰান্তত ধ্বংসলীলা চলালে। সমান্তৰাল ভাৱে ব্ৰহ্মপুত্ৰৰ বলিয়া বানত বিলীন হৈছিল শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চল। ঘৰ দুৱাৰ, জীৱ-জন্তু পক্ষীৰ লগতে উটি গল ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষণ সামগ্ৰী। ইতিমধ্যে গৰম বন্ধৰ পাছত বিদ্যালয়সমূহ খুলিবৰ হ'ল কিন্তু নাই ছাত্ৰ ছাত্ৰী সকলৰ মাজত শিক্ষণ সামগ্ৰী।
তাৰে প্ৰতি লক্ষ্য ৰাখি 'সৃষ্টি লুইতৰ পৰা টেমছলৈ’ আৰু 'আজৰি পৰৰ ইতিবাচক চিন্তা’ নামৰ NGO দুটিৰ ফেচবুক গ্ৰুপৰ বন্ধুসকলৰ উদ্যোগত শিৱসাগৰ জিলাৰ দিচাংমুখ আৰু শৰাগুৰি চাপৰি অঞ্চলৰ ৯ খন বিদ্যালয়ৰ ৩২৫ জন ছাত্ৰ ছাত্ৰীক শৈক্ষিক সামগ্ৰী বিতৰণ কৰে NGOটোৰ সদস্য সকলে। ছাত্ৰ-ছাত্ৰীসকলক প্ৰত্যেককে এটা স্কুল বেগ, তিনিখন বহী, ২ডাল পেঞ্চিল, কলম, এডাল স্কেল, এডোখৰ ৰবৰ, এটা চাৰ্পনাৰ, ডেটল চাবোন ইত্যাদি সামগ্ৰী বিতৰণ কৰা হয়৷ বিদ্যালয় সমূহ খোলাৰ আগে আগে ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত এই সকল লোকে গ্ৰহণ কৰা এই পদক্ষেপক শলাগ জনাইছে প্ৰতিজন ব্যক্তিয়ে।