কাকপথাৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা আৰু চুলাই জব্দ

 07/31/2019 - 12:16

কাকপথাৰঃ অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গকুল সোণোৱালৰ নেতৃত্বত বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা আৰু চুলাই মদ জব্দ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষী বিষয়াজনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে অৰুণাচলৰ নামচাইৰ পৰা অসমত বিক্ৰী কৰিবলৈ বুলি আনিছিল প্ৰায় ১১ কাৰ্টন অৰুণাচলী সুৰা৷ ইয়াৰ সমান্তৰালকৈ বিষাক্ত বুলি পৰিগণিত হোৱা প্ৰায় ৫০০ লিটাৰ চুলাই মদো জব্দ কৰিবলৈ সক্ষম হৈছে কাকপথাৰ আৰক্ষী৷ কিন্তুু এই অবৈধ ব্যৱসায়ত লিপ্ত হৈ থকা সৰবৰাহকাৰী পলায়ন কৰাৰ বাবে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই৷

তেওঁলোকক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে৷ এই অঞ্চলটোত দিনক দিনে বাঢ়িব ধৰিছে অৰুণাচলী সুৰাৰ লগতে চুলাই, ড্ৰাগছ, গাঞ্জা, কানি আদিৰ দৰে নিষিদ্ধ দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায়ৰ লগতে প্ৰচলন৷ এই বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা আৰু কাকপথাৰৰ মাজমজিয়াতে চুলাই জব্দ কৰা বিষয়টোয়ে বিশেষ তাৎপৰ্য বহন কৰিছে৷ চোৰাং কয়লাৰ গাড়ী জব্দ কৰাকে ধৰি ধাৰবাহিক ভাৱে এই বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হোৱা কাকপথাৰ আৰক্ষীক প্ৰশংসা কৰিছে কাকপথাৰৰ সচেতন মহলে। লগতে আগন্তুক সময়তো এই ধাৰা অব্যাহত ৰাখিব বুলি

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।