কাকপথাৰঃ কাকপথাৰ আৰক্ষীৰ অভিযানত AS 23 CC 2919 নম্বৰৰ এখন চোৰাং কয়লাভৰ্তি ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হৈছে৷ অৰুণাচল প্ৰদেশৰ পৰা কাকপথাৰৰ ডিৰাক গেট হৈ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথেদি ডুমডুমা দিশলৈ গাড়ীখন গৈ থকাৰ সম্ভেদ পাই কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গকুল সোণোৱালৰ নেতৃত্বত নিশা চেলেংগুৰীৰ সমীপত গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয়৷
চোৰাং কয়লাভৰ্তি ট্ৰাকখন কাকপথাৰৰ ৰাজীৱ মৰাণ নামৰ এজন যুৱকে আনিছিল বুলি গাড়ীৰ চালক আৰু আৰক্ষীয়ে জানিবলৈ দিছে৷ ইতিমধ্যে কাকপথাৰ আৰক্ষীয়ে চোৰাং কয়লাভৰ্তি ট্ৰাকৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে৷ উল্লেখ্য যে উক্ত পথেদি চোৰাং কাঠ, কয়লা, কলাকচু, ইলাচীকে ধৰি বহু মূল্যৱান বনজ সম্পদৰ অবৈধ বেহা চলি থকাৰ বাতৰি পোৱা যায়৷ সংবাদ মাধ্যমত ধাৰাবাহিক ভাবে এনে ধৰণৰ চোৰাং ব্যৱসায়ৰ বিষয়ে সম্প্ৰচাৰ হৈ থকা দেখিবলৈ পোৱা গৈছে৷