07/31/2019 - 15:59
in
বিজনীঃ চিৰাং জিলাৰ বিজনী আৰক্ষীৰ বৃহৎ সফলতা। বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত ৰূপক বড়াৰ সহযোগত বিজনী আৰক্ষীয়ে চলোৱা অভিযানত হস্তনিৰ্মিত বন্দুক কাৰখানাৰ গৰাকী মনোজ মুছাহাৰীক(৪৪) নিজ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত বিজনী বাউতীপাৰাৰ মনোজ মুছাহাৰীৰ নিজ বাসভৱনত অভিযান চলাই দুটা হস্তনিৰ্মিত পিষ্টল, ১০ জাই গুলী, এটা খালি গুলীসহ আপত্তি জনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে সোমবাৰে বিজনীৰ আৰক্ষীয়ে উক্ত কাৰখানাটো উৎখাত কৰিছিল। পলাতক হৈ আছিল মনোজ মুছাহাৰী। সোমবাৰে অভিযানত এটা হস্তনিৰ্মিত বন্দুক, দুটা সজীৱ গুলীসহ বন্দুক নিৰ্মাণৰ বিভিন্ন সামগ্ৰী জব্দ কৰিছিল।