উত্তৰ গুৱাহাটীঃ শংকৰদেৱ শিশু নিকেতনৰ উত্তৰ গুৱাহাটীৰ বহু দীঘলীয়া যাতায়ত সমস্যা সমাধান উদ্দেশ্যে নতুন বাছ ক্ৰয়। বাছখন উদ্ধোধনী কৰাৰ বাবে আজি এখন বৈঠক অনুষ্ঠিত হৈ যায়। উক্ত বৈঠকত শিশু শিক্ষা সমিতি অসমৰ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীৰ লগতে সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰ উপস্থিত থাকি নিকেতনৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে। লগতে বাছখন মুকলি কৰি দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান হোৱা বুলি মত পোষণ কৰে। যাৰ বাবে নিকেতনৰ ছাত্র-ছাত্ৰীসকলৰ সুবিধাৰ্থে এই বাছসেৱাই বহু সংখ্যক অভিভাৱকৰ দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান হ'ব বুলি দাবী কৰে।
উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী আৰু প্ৰধান আচাৰ্য উৎপল তালুকদাৰে নিকেতনখনৰ শৈক্ষিক, সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰত সৰ্বাংগীন উৎকৰ্ষ সাধনৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে শীঘ্ৰেই উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় ৰূপে উন্নীত কৰাৰ বাবে যাৱতীয় কামখিনি যথেষ্ট আগবাঢ়িছে বুলি কয়। শেষত শলাগৰ শৰাই আগবঢ়ায় নিকেতনৰ প্ৰধান আচাৰ্য উৎপল তালুকদাৰে পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী, সভাপতি মানস দাস, ডঃ ঈশাংকুৰ শইকীয়া লগতে পৰিচালনা সমিতিৰ সকলো সদস্যলৈ সহযোগিতা আৰু পৰামৰ্শৰ বাবে ধন্যবাদ জনায়।