তামুলপুৰত  উন্নয়নৰ নামত প্ৰহসনঃ খৰস্ৰোতা নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং

 07/31/2019 - 18:44

তামুলপুৰঃ তামুলপুৰ মহকুমাৰ এক সদাব্যস্ত গড়কাপ্তানী পথ কুমাৰীকাটা-কাউলী-গুৱাবাৰী সংযোগী পথ৷ দৈনিক সহস্ৰাধিক লোকে যাতায়ত কৰে এই পথেৰে৷ কিন্তু স্বাধীনতা ৭২ বছৰৰ পিছতো উক্ত পথৰ মাজেৰে বৈ যোৱা মটঙা নদীৰ ওপৰত এখন দলং নথকাত যাতায়তৰ ক্ষেত্ৰত নৰক যন্ত্ৰনা ভূগিব লগা হৈছে বৃহত্তৰ কাউলী অঞ্চলৰ বহু কেইখন গাঁৱৰ হেজাৰ হেজাৰ ৰাইজ৷  কিয়নো বাৰিষাৰ আগমনৰ লগে লগে ভূটান পাহাৰৰ পৰা বৈ অহা পানীৰে খৰস্ৰোতা হৈ পৰে মটঙা নদী৷ বছৰ বছৰ ধৰি বাৰিষা কালত কান্ধত চাইকেল দাঙি, নদীৰ সোঁতৰ মাজেৰে বাইক ঠেলি, খোজকাঢ়ি, কলৰ ভূুঁৰত অতি বিপজ্জনক ভাৱে পাৰ হ’ব লাহে ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো স্তৰৰ লোকে৷ তেনেদৰে নৈ পাৰ হওঁতে বিগত সময়ছোৱাত কেইবাজনো লোকক নৈৰ সোতে উটুৱাই নিয়াৰ লগতে মৃত্যু মুখতো পৰিছে কেইবাজনো লোক৷

উল্লেখ্য তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ কাউলী, বিষ্ণুপুৰ, বিহংগপুৰ, তৰুণগাঁও, চন্দনপুৰ, হৰিনচাৰা, নাৰায়ণপুৰ আদি কেইবাখনো গাঁৱৰ লোকৰ একমাত্ৰ যাতায়তৰ পথ হৈছে কুমাৰীকাটা-কাউলী-গয়বাৰী গড়কাপ্তানী পথটো৷  বৃহত্তৰ অঞ্চলটোৰ ৰাইজে  জনপ্ৰতিনিধিক অনুনয় বিননয় কৰাৰ পিচতো কোনো এজন জনপ্ৰতিনিধিয়েই আজিলৈ এখন দলং নিৰ্মানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন নকৰিলে৷ উপায়ন্তৰ হৈ বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ডেকা যুৱকসকলে গাঠিৰ ধন ভাঙি খৰস্ৰোতা মটঙা নদীৰ ওপৰত বাৰিষাৰ প্ৰাক মূহৰ্তত বাঁহৰ সাকো নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে৷ ইতিমধ্যে শেহতীয়াকৈ ভূটানৰ পৰা বৈ অহা পানীৰ ঢলে নদী খনৰ বুকুত সাজি উলিওৱা এখন ১৫০ মিটাৰ দীঘল বাঁহৰ সাকো উটুৱাই নিয়ে যদিও অঞ্চলটোৰ  ৰাইজে পুনৰ এখন প্ৰায় দুশ মিটাৰ দীঘল বাহৰ সাকো নিৰ্মান কৰিবলৈ আৰম্ভ কৰে ৷

দিনে নিশাই অঞ্চলটোৰ কেইবাখনো গাওৰ যুৱক সকলে পাল পাতি বাহৰ দলং নিৰ্মানৰ কামত লাগি পৰিথে ৷ তামুলপুৰৰ স্থানীয় বিধায়ক, দুজনকৈ সাংসদ, এজন বিটিচিৰ সাধাৰন সদস্য থকাৰ পিচতো  মটঙা নদীৰ ওপৰত এখন দলং নিৰ্মান নোহোৱাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ পৰিছে৷ কংগ্ৰেছ চৰকাৰৰ শাসন কালত উন্নয়নৰ মুখ নেদেখা অঞ্চলটোৰ ৰাইজে পৰিবৰ্তনৰ শ্ল' গান দিয়া বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দিনত পথটোৰ মেৰামতিৰ লগতে দলং নিৰ্মানৰ হব বুলি ভাবিছিল যদিও পৰিবৰ্তনৰ শ্ল'গান শ্ল'গানেই হৈ থাকিল৷ চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত অঞ্চলটোৰ ৰাইজে প্ৰখৰ ৰদত কষ্টেৰে নিৰ্মান কৰা বাঁহৰ দলঙেৰে কিমান দিনলৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে  যাতায়ত কৰিব পাৰিব সেইটো ডাঙৰ প্ৰশ্ম হৈ পৰিছে৷ উল্লেখ্য যে বিগত সময়ছোৱাত  বিটিচি প্ৰশাসনৰ পৰা মটঙা নদীৰ ওপৰত দুবাৰকৈ পকি দলংৰ নিৰ্মান কামৰ আধাৰশীলা স্থাপন কৰা হৈছিল যদিও কাৰ্যত সেইয়া হৈ নুঠিল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।