ডিজিটেল ডেস্কঃ মঙলবাৰে লোকসভাত গৃহীত হোৱাৰ পিছত আজি ৰাজ্যসভাত গৃহীত হ’ল Motor Vehicles (Amendment) Bill 2019। যানবাহন আইনক সংশোধন কৰি প্ৰস্তুত কৰা হৈছে নতুন আইনখন। চালকৰ অনুজ্ঞাপত্ৰ বনোৱাৰ সময়ত প্ৰযোজ্য নহ’ব পূৰ্বৰ নিয়ম৷ ঠিক তেনেদৰে কোনো লোকে আইন অমান্য কৰিলে পূৰ্বতকৈ ৫ গুণ অধিক জৰিমনা ভৰিব লাগিব৷ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে লোকসভাত দাখিল কৰিছিল এই বিধেয়কখন। দেশত যান–বাহন আইন উলংঘাৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এই বিধেয়কখন উত্থাপন কৰিছিল কেন্দ্ৰীয় চৰকাৰে।
এই আইন উলংঘা কৰিলে কিমান ভৰিব লাগিব জৰিমনা? সুৰাপান কৰি গাড়ী চলালে ১০ হাজাৰ টকা। জৰুৰীকালীন সেৱাৰ গাড়ীক বাট এৰি নিদিলে ১০ হাজাৰ টকা। লাইচেঞ্চ অবিহনে গাড়ী চলালে ৫০০০ টকা। হেলমেট পৰিধান নকৰাকৈ বাইক চলালে ১০০০ টকা। ৰেচ ড্ৰাইভিং কৰিলে ৫০০০ টকা। ম’বাইলত কথা পাতি গাড়ী চলালে ৫০০০ টকা। দ্ৰুতগতিত গাড়ী চলালে ৫০০০ টকা। ছিট বেল্ট নলগালে ১০০০ টকা। নাবালকে গাড়ী চলালে ২৫ হাজাৰ টকা, ৩ বছৰ জে’ল। যোগ্যতা অবিহনে গাড়ী চলালে ১০ হাজাৰ টকা। গাড়ীৰ পাৰ্মিট নাথাকিলে ১০ হাজাৰ টকা। অভাৰলোডিঙত ২০ হাজাৰ টকা, অতিৰিক্ত প্ৰতি টনত ২ হাজাৰ। দুচকীয়া বাহনত অভাৰলোডিঙত ২০০০ টকা। গাড়ীৰ বীমা নাথাকিলে ২০০০ টকা।