তিতাবৰত শিশু ধর্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

 08/01/2019 - 14:39

তিতাবৰঃ যোৱা ২৫ জুলাই তাৰিখে তিতাবৰ মহকুমাৰ মাধপুৰ আৰক্ষী চকীৰ অন্তৰ্গত লালুং গাঁৱত নৰহ উপাধিৰ এটা লম্পটে এটি পাঁচ বছৰীয়া শিশুক মোবাইলত কাৰ্টুনৰ ভিডিঅ’ দেখুৱাৰ চলেৰে লালুং গাঁৱত অৱস্থিত আশীৰ্বাদ মটৰ ৱৰ্কছ নামৰ গেৰেজলৈ মাতি নি গেৰেজত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ কৰিছিল শিশুটিক। মাজুলীৰ জেৰেঙাই আৰক্ষী থানাৰ অন্তৰ্গত এই নৰহ উপাধিৰ লম্পটটো আশীৰ্বাদ মটৰ ৱৰ্কছ নামৰ গেৰাজটোতে কৰ্মৰত আছিল।

উল্লেখযোগ্য যে শিশুটোৰ পৰিয়ালে সংগ্ৰহ ঘটনাৰ ওপৰত বিহীত ব্যৱস্থা ল’বলৈ মাধপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও মাধপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যতীন শইকীয়াই এই বিষয়টোৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। কিয়নো ঘটনাৰ সাত দিন অতিক্ৰম কৰাৰ পিছতো আজি পৰ্যন্ত ধর্ষণকাৰী নৰহক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

যাৰ ফলত বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মাধপুৰ আঞ্চলিক সমিতিয়ে প্ৰথমে মাধপুৰ আৰক্ষী চকী ঘেৰাও কৰে। কিন্তু মাধপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজন থানাত অনুপস্থিত থকাৰ বাবে আৰু ঘটনাটোৰ সন্দৰ্ভত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তিতাবৰ-বৰহোলা সংযোগী ন-আলি পথ অৱৰোধ কৰে।

কেইবা ঘণ্টা জোৰা এই অৱৰোধ কাৰ্য্যসূচীৰ অন্তত তিতাবৰ মহকুমা প্ৰশাসনৰ এজন দণ্ডাধীশ আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মাধপুৰ আৰক্ষীৰ ব্যৰ্থতা আৰু সমগ্র ঘটনাৰ ওপৰত এক বিহীত ব্যৱস্থা গ্ৰহণ কৰি ধর্ষণকাৰীটোক ১৫ দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ যোৰহাট জিলা উপযুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে মাধপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে নাকা পাতি কাঠ, কয়লা বালি আদি বিভিন্ন গাড়ীৰ পৰা কমিচন সংগ্ৰহ কৰাত অধিক গুৰুত্ব দিয়ে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।