মৈৰাবাৰীঃ লাহৰীঘাট থানাৰ অন্তৰ্গত অমৰাগুৰি গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। গাঁওখনৰ আব্দুল হাচেন আলী নামৰ লোকজনে যৌতুক বিচাৰি পত্নীক ডিঙি চেপি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। মৃত মহিলাগৰাকীৰ নাম ফৰিদা খাতুন(৩৩)। উল্লেখ্য যে স্বামী হাচেনে মঙ্গলবাৰে পত্নী ফৰিদাক হত্যা কৰাৰ অভিযোগ তুলি পিতৃৰ পৰিয়ালে স্বামী হাচেনেৰ বিৰুদ্ধে আজি এজাহাৰ দিছিল লাহৰীঘাট আৰক্ষী থানাত। পিতৃ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আজি দণ্ডাধীশৰ উপস্থিতিত স্বামী গৃহৰ চোতালত কবৰ দিয়া মহিলাগৰাকীৰ মৃতদেহ আৰক্ষীয়ে খান্দি উলিয়ায়।
পিছত মহিলাগৰাকীৰ মৃতদেহটি মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে মঙ্গলবাৰে হত্যা কৰি চোতালত কবৰ দিছিল মৃত মহিলাগৰাকীক নিজ স্বামীয়ে। যৌতুক বিচাৰি পূৰ্বেও পত্নী ফৰিদাৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ আছে স্বামী হাচেনেৰ বিৰুদ্ধে। ইতিমধ্যে লাহৰীঘাট আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ৩০৪(ক)/২০১/৩৪ ধাৰাৰ অধীনত ২৫৫/২০১৯ নম্বৰত ৰুজু কৰিছে এটি গোচৰ। মহিলাগৰাকীৰ মৃত্যুত শোকত ভাঙি পৰিছে আত্মীয়-স্বজন। ইফালে আজি মহিলা গৰাকীৰ কবৰৰ পৰা খান্দি উলিওৱাৰ অৱস্থাত পত্নী হত্যাকাৰী স্বামীৰ লগতে পৰিয়ালৰ কোনো লোক উপস্থিত নাছিল।