কাকপথাৰঃ তিনিচুকীয়া জিলাৰ গাভৰুভেটি গাঁঁও পঞ্চায়তত সম্প্ৰতি ব্যাপক অনিয়মৰ অভিযোগ উঠিছে৷ স্বচ্ছ ভাৰত মিছনৰ অধীনত সমগ্ৰ দেশতে কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ বাবে আবণ্টন দিয়া অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণৰ কাম এতিয়া ধোঁৱা চাঙত পৰিণত হৈছে জিলাখনৰ গাভৰুভেটি গাঁও পঞ্চায়তত৷ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় আঁচনিৰ অধীনত গাভৰুভেটি গাঁও পঞ্চায়তত শৌচালয় নিৰ্মাণত বৃহৎ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ আহিছে৷ জিলাখনৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গাভৰুভেটি গাঁও পঞ্চায়তৰ ফিলবাৰী শীতলপুৰ আৰু টিংখাং গাঁৱত আজিৰ পৰা প্ৰায় চাৰি বছৰ আগতে অনাময় আঁচনিৰ অধীনত নিৰ্মাণ কৰা শৌচালয়সমূহ আজিও সম্পূৰ্ণ হৈ উঠা নাই৷
অনাময় আঁচনিৰ হিতাধিকাৰী ক্ৰমে পুতুমনি দাস, বিনয় বড়া, দণ্ডীৰাম বৰা, বীনা দত্ত আদিকে ধৰি বহুজনৰে শৌচালয় আজিও অৰ্ধনিৰ্মিত হৈ পৰি আছে৷ এই শৌচালয়সমূহ নিৰ্মাণৰ কাম লাভ কৰিছিল মাধৱপুৰ গাঁৱৰ এজন ঠিকাদাৰে আৰু কনিষ্ঠ অভিযন্তা আছিল নন্দেশ্বৰ বৰদলৈ৷
এই দুই ঠিকাদাৰ আৰু অভিযন্তাই মিলি হিতাধিকাৰীসকলৰ অনাময় আঁচনিৰ শৌচালয়ৰ সমূদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছে ভূক্তভোগী ৰাইজে৷ আৰু লগতে ক্ষেত্ৰ সহায়ক জনৈক বৰুৱাও এই কেলেংকাৰীত জড়িত থকাৰ কথা সদৰি কৰিছে৷ এই সন্দৰ্ভত ২০১৮ চনত হিতাধিকাৰীসকলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ফিলবাৰী আঞ্চলিক সমিতিক লিখিতভাৱে অভিযোগ দিয়াৰ পাছত সংগঠনটোৱে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ডিগবৈ কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা নন্দেশ্বৰ বৰদলৈৰ ওচৰত উক্ত বিষয়টোৰ সন্দৰ্ভত কেইবাবাৰো লগ কৰিবলৈ গৈ বিফল হৈছে৷
অভিযন্তাজনে সংগঠনৰ কৰ্মকৰ্তাসকলক লগ নিদিয়াত তেওঁলোকে ফোন যোগে এই বিষয়টো জানিব বিচৰাত পূ্ৰ্বৰ ঠিকাদাৰ জনৰ এক পথ দুৰ্ঘটনাত ইতিমধ্যে মৃত্যু হৈছে আৰু তাৰ পৰিৱৰ্তে আন এজন ঠিকাদাৰ জনৈক মাহাত্বক শৌচালয় নিৰ্মাণৰ কাম অৰ্পণ কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ অতি শীঘ্ৰে আধৰুৱা হৈ থকা শৌচালয়সমূহ নিৰ্মাণ কৰি সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজি প্ৰায় দহ মাহ উকলি গ’ল কিন্তুু শৌচালয়সমূহ সম্পূৰ্ণ হৈ নোঠাত ক্ষোভ প্ৰকাশ কৰিছে হিতাধিকাৰীসকলে। ভুক্তভোগী হিতাধিকাৰীসকলে অতি শীঘ্ৰে অৰ্ধনিৰ্মিত হৈ থকা অনাময় আঁচনিৰ শৌচালয়সমূহ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে৷ পৰবৰ্তী পৰ্যায়ত প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব৷