আজিও জলবন্দী হৈ আছে মঙলদৈৰ বহুকেইখন বিদ্যালয়

 08/01/2019 - 15:24

মঙলদৈঃ এমাহযোৰা গ্ৰীস্মৰ বন্ধ শেষ হ’ল। পুনৰ নিয়মীয়াভাবে চলিল বিদ্যালয়সমূহ। কিন্তু আজিও জলবন্দী হৈ আছে মঙলদৈৰ বহুকেইখন বিদ্যালয়। বিদ্যালয়সমূহত বাহ লৈছে কেচু-কুমতি, সাপ-ভেকুলি আদিয়ে। বিশাক্ত হৈ পৰিছে পানী। বিদ্যালয় খুলিলে যদিও পাঠদান অসম্ভৱ এই বিদ্যালয়কেইখনত। বিশেষকৈ মোল্লা পাৰা প্ৰাথমিক বিদ্যালয়, বেজপাৰা ভাৰতী প্রাথমিক বিদ্যালয়, ৰূপকোঁৱৰ প্ৰাথমিক বিদ্যালয়কে ধৰি বহু কেইখন বিদ্যালয় আজিও পানী মাজত অন্যহাতে আন একাংশ বিদ্যালয় বানপানীত ভাঙি যোৱা বাবে সেই সমূহ বিদ্যালয়ত কেতিয়া পাঠদান হ’ব ঠিক নাই।

জলবন্দী বিদ্যালয়কেইখনত অন্ততঃ আৰু এমাহলৈ পাঠদান অসম্ভৱ বুলি প্ৰকাশ কৰে পৰিচালনা সমিতিসমূহৰ সভাপতি তথা ৰাইজে। প্ৰশাসনে যদি বিদ্যালয়কেইখনৰ পৰা পানী নিষ্কাষণ নকৰে তেনেহ’লে ছাত্র-ছাত্ৰীৰ শৈক্ষিক বছৰত প্ৰভাৱ পৰাৰ সম্ভাৱনীয়তা আছে। সেয়েহে অনতিপলমে বিদ্যালয়কেইখনৰ পৰা পানী নিষ্কাষণৰ দাবী কৰিছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।