তামুলপুৰত উন্নয়নৰ নামত প্ৰহসনঃ খৰস্ৰোতা নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং

 08/01/2019 - 16:03

তামুলপুৰঃ তামুলপুৰ মহকুমাৰ এক সদাব্যস্ত গড়কাপ্টানি পথ কুমাৰীকাটা-কাউলী-গুৱাবাৰী সংযোগী পথ৷ দৈনিক সহস্ৰাধিক লোকে যাতায়াত কৰে এই পথেৰে৷ কিন্তু স্বাধীনতা ৭২ বছৰৰ পিছতো উক্ত পথৰ মাজেৰে বৈ যোৱা মটঙা নদীৰ ওপৰত এখন দলং নথকাত যাতায়াতৰ ক্ষেত্ৰত নৰক যন্ত্ৰনা ভূগিব লগা হৈছে বৃহত্তৰ কাউলী অঞ্চলৰ বহু কেইখন গাঁৱৰ হেজাৰ হেজাৰ ৰাইজ৷  কিয়নো বাৰিষাৰ আগমনৰ লগে লগে ভূটান পাহাৰৰ পৰা বৈ অহা পানীৰে খৰস্ৰোতা হৈ পৰে মটঙা নদী৷ বছৰ বছৰ ধৰি বাৰিষা কালত কান্ধত চাইকেল দাঙি, নদীৰ সোঁতৰ মাজেৰে বাইক ঠেলি, খোজকাঢ়ি, কলৰ ভূৰত অতি বিপজ্জনকভাবে পাৰ হ’ব লাগে ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো স্তৰৰ লোকে৷

তেনেদৰে নৈ পাৰ হওঁতে বিগত সময়ছোৱাত কেইবাজনো লোকক নৈৰ সোতে উটুৱাই নিয়াৰ লগতে মৃত্যু মুখতো পৰিছে কেইবাজনো লোক৷ উল্লেখ্য তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ কাউলী, বিষ্ণুপুৰ, বিহংগপুৰ, তৰুন গাঁও, চন্দনপুৰ, হৰিনচাৰা, নাৰায়নপুৰ আদি কেইবাখনো গাঁৱৰ লোকৰ একমাত্ৰ যাতায়াতৰ পথ হৈছে কুমাৰীকাটা-কাউলী-গয়বাৰী গড়কাপ্টানি পথটো৷ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে  জনপ্ৰতিনিধিক অনুনয় বিনয় কৰাৰ পিছতো কোনো এজন জনপ্ৰতিনিধিয়েই আজিলৈ এখন দলং নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে৷

উপায়ন্তৰ হৈ বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ যুৱকসকলে গাঁঠিৰ ধন ভাঙি খৰস্ৰোতা মটঙানদীৰ ওপৰত বাৰিষাৰ প্ৰাক মুহূৰ্তত বাঁহৰ সাঁকো নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে৷ ইতিমধ্যে শেহতীয়াকৈ ভূটানৰ পৰা বৈ অহা পানীৰ ঢলে নদীখনৰ বুকুত সাজি উলিওৱা এখন ১৫০ মিটাৰ দীঘল বাঁহৰ সাঁকো উটুৱাই নিয়ে যদিও অঞ্চলটোৰ ৰাইজে পুনৰ এখন প্ৰায় দুশ মিটাৰ দীঘল বাঁহৰ সাঁকো নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে৷ দিনে নিশাই অঞ্চলটোৰ কেইবাখনো গাঁৱৰ যুৱকসকলে পাল পাতি বাঁহৰ দলং নিৰ্মাণৰ কামত লাগি পৰিছে৷ তামুলপুৰৰ স্থানীয় বিধায়ক, দুজনকৈ সাংসদ, এজন বিটিচিৰ সাধাৰন সদস্য থকাৰ পিছতো  মটঙা নদীৰ ওপৰত এখন দলং নিৰ্মাণ নোহোৱাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ পৰিছে৷

কংগ্ৰেছ চৰকাৰৰ শাসন কালত উন্নয়নৰ মুখ নেদেখা অঞ্চলটোৰ ৰাইজে পৰিবৰ্তনৰ শ্ল'গান দিয়া বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দিনত পথটোৰ মেৰামতিৰ লগতে দলং নিৰ্মাণ হ’ব বুলি ভাবিছিল যদিও পৰিবৰ্তনৰ শ্ল'গান শ্ল'গানেই হৈ থাকিল৷ চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত অঞ্চলটোৰ ৰাইজে প্ৰখৰ ৰ’দত কষ্টেৰে নিৰ্মাণ কৰা বাঁহৰ দলঙেৰে কিমান দিনলৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে  যাতায়াত কৰিব পাৰিব সেইটো ডাঙৰ প্ৰশ্ন হৈ পৰিছে৷ উল্লেখ্য যে বিগত সময়ছোৱাত  বিটিচি প্ৰশাসনৰ পৰা মটঙা নদীৰ ওপৰত দুবাৰকৈ পকি দলঙৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰা হৈছিল যদিও কাৰ্যত সেইয়া হৈ নুঠিল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।