ৰঙিয়াঃ অসমৰ সাংস্কৃতিক জগতৰ মহান পুৰুষ নটসূৰ্য ফণী শৰ্মাৰ পূণ্য স্মৃতিত অসম চৰকাৰে বুধবাৰে ৰঙিয়াত ২০১৯ বৰ্ষৰ "নটসূৰ্য ফণী শৰ্মা বঁটা" প্ৰদান কৰে প্ৰথিতযশা নাট্যশিল্পীদ্বয় দুলাল ৰয় আৰু আৰতি দাস বৈৰাগীক। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলা আৰু ৰঙিয়া মহকুমা প্ৰশাসনৰ সহযোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা।
সভাত উপস্থিত থাাকি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ভাষণত উল্লেখ কৰি কয় যে মহান ব্যক্তি নটসূৰ্য ফণী শৰ্মাৰ দৰে লোকসকলে নাটকৰ দ্বাৰা আমাৰ সমাজ জীৱনত বহু অৱদান দি গৈছে। সেই অৱদানসমূহৰ বৰ্তমানৰ সমাজখনে মূল্য দিব লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসঙ্গত আৰু কয় যে ভাল সমাজ এখন গঢ়ি তুলিবলৈ হ’লে সকলো শ্ৰেণীৰ অৱদান থাকিব লাগিব।
ঠিক তেনেদৰে সাংস্কৃতিক ক্ষেত্ৰখনৰো অবদান লাগিব। সাংস্কৃতিক ক্ষেত্ৰখনৰ জৰিয়তে নাট্য কৰ্মীসকলে সমাজত সদায় ঘটি থকা বিষয়সমূহ নাটকৰ জৰিয়তে সমাজৰ মাজত উপস্থাপন কৰি ইয়াৰ ভাল আৰু বেয়া দিশটো আঙুলিয়াই দি আহিছে। যাৰ জৰিয়তে এখন শুদ্ধ সমাজ গঢ়াৰ ক্ষেত্ৰত সহায়ক হৈছে। সেইবাবে চৰকাৰে শিল্পীসকলক অধিক আগ্ৰহী কৰিবলৈ এনেদৰে চৰকাৰীভাবে সন্মান প্ৰদান কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
বঁটা প্ৰদান অনুষ্ঠানটোত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেয়ে তেওঁৰ ভাষণত সাংস্কৃতিক কৰ্মীসকলৰ অৱদানৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানটোত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতায়ো ভাষণ ৰাখি নাট্য কৰ্মীসকলৰ অৱদানৰ বিষয়ে দোহাৰে। উল্লৈখ্য যে অসমীয়া চলচ্চিত্ৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'জয়মতী'ত গাঠি হাজৰিকাৰ চৰিত্ৰত অভিনয় কৰা নটসূৰ্য ফণী শৰ্মাই ১৯৩০ চনতেই প্ৰথম অসমীয়া ভ্ৰাম্যমাণ নাট্যগোষ্ঠী 'কহিনুৰ অপেৰা'ৰ জৰিয়তে নাট্যজগতত ভুমুকি মাৰিছিল।
১৯৪৮ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে 'চিৰাজ'ৰ নিৰ্মাণৰ পিছত ১৯৫৫ চনত 'পিয়লি ফুকন'ত অভিনয় আৰু পৰিচালনাৰে অনবদ্য বৰঙণি আগবঢ়াইছিল অসমীয়া চলচ্চিত্ৰ জগতত। লক্ষণীয় যে স্বপ্ৰতিভাৰে মহীয়ান অভিনেতা, নাট্যকাৰ, পৰিচালক তথা অসমৰ সাংস্কৃতিক জগতৰ মহীৰূহ নটসূৰ্য ফণী শৰ্মাৰ সোঁৱৰণত আগবঢ়োৱা বঁটাৰ বাবে মনোনীত দুলাল ৰয় হৈছে অসমৰ নাট্য আন্দোলনৰ জীৱন্ত কিম্বদন্তীস্বৰূপ। ১৯৪৩ চনত গুৱাহাটীত জন্ম গ্ৰহণ কৰা দিল্লীৰ 'ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়'ৰ স্নাতক ডিগ্ৰীধাৰী দুলাল ৰয়ে পিগমেলিয়ন, ইন্সপেক্টৰ জেনেৰেল, ওৱেইটিং ফৰ্ গড, অন্ধ যুগ আদিকে ধৰি বৰ্তমানলৈকে বহু নাটক পৰিচালনা কৰি খ্যাতি লাভ কৰিছে।
ইতিমধ্যে তেখেতে লাভ কৰিছে সংগীত নাটক একাডেমী বঁটা, নাট্য ভাস্কৰ আদি সন্মান। একেদৰে ১৯৪৩ চনত জন্মগ্ৰহণ কৰা আৰতি দাস বৈৰাগীয়েও অসমীয়া নাট্য জগতলৈ আগবঢ়াইছে গুৰুত্বপূৰ্ণ অৱদান। ১৯৬৯ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাত যোগদান কৰা বিশিষ্ট নাট্যশিল্পী বৈৰাগীয়ে বহু নাট ৰচনা কৰাৰ উপৰিও বিভিন্ন ভাষাৰ বহু নাটক অসমীয়ালৈ অনুবাদ কৰি অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল চহকী কৰিছে। ২০১৭ চনত তেখেতে লাভ কৰে শিল্পী প্ৰাণ মাখন দেৱান স্মাৰক বঁটা। ইফালে এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোৰ প্ৰাক মুহূৰ্তত নটসুৰ্য্য ফণী শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে মুখ্যমন্তী সৰ্বানন্দ সোণোৱালে।