কৃষক সন্মান নিধিৰ ধন আত্মসাৎ কৰি অট্টালিকা নিৰ্মাণৰ অভিযোগ

 08/01/2019 - 17:26

কলগাছিয়াঃ যি সময়ত বছৰটোত তিনিবাৰকৈ ভয়ংকৰ বানপানীয়ে সৰ্ব সাধাৰণ ৰাইজক এক প্ৰকাৰ কোঙা কৰি পেলাইছে। যি সময়ত ভোকৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি বানাক্ৰান্ত ৰাইজে এক কিলোগ্ৰাম চাউল সাহায্যৰ বাবে দিনৰ দিনটো প্ৰখৰ ৰ'দত পুৰি বা মূষলধাৰ বৰষুণত তিতি বেমাৰ ঘটিছে। এক কিলোগ্ৰাম চাউলৰ কাৰণে কাজিয়াত লিপ্ত হৈছে। ঠিক তেনে সময়তে অসম গ্ৰামীণ বিকাশ বেংকৰ অধিনত অতি ক্ষুদ্ৰ শাখা এটা খুলি কলগাছিয়াৰ আফিজা খাতুনে দৰিদ্ৰ লোকৰ লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ মতে কেন্দ্ৰীয় চৰকাৰে কৃষক সন্মান নিধি আঁচনিৰ জৰিয়তে কোনো দালালে ঢুকি নোপোৱাকৈ পোনপটীয়াকৈ কৃষকসকলৰ বেংক একাউণ্টত সোমাই দিছিল। কেন্দ্ৰীয় চৰকাৰৰ এই নীতিক সৰ্বসাধাৰণ ৰাইজে আদৰণিও জনাইছে। কিন্তু ধুৰন্ধৰ আফিজা খাতুন আৰু তেওঁৰ স্বামী দুলাল হুছেইনে অতি ক্ষুদ্ৰ শাখা (চিএছপি)টো নিজৰ ঘৰত চলাই অতি কৌশলেৰে দুই হেজাৰ পাবলগীয়া জনক এক হেজাৰ আৰু চাৰি হেজাৰ পাবলগীয়া জনক দুই হেজাৰ টকা দি অশিক্ষিত হোজা ৰাইজক দীৰ্ঘ দিনৰ পৰা ঠগি আহিছে। এই ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও গৰীবৰ তেজপিয়া আফিজাই তেওঁৰ স্বামী দুলাল হুছেইনৰ জৰিয়তে দাবী-ধমকি দিয়াটো অভ্যাসত পৰিণত হৈছে বুলি ভুক্তভোগী ৰাইজে সংবাদ মাধ্যমক জনাইছে।

চিএছপিৰ বাদে কোনো কাম নকৰা মানুহ এজনে কেনেকৈ পঞ্চাশ লাখ টকীয়া দুই মহলীয়া বৃহৎ অট্টালিকা সাজিব পাৰিছে বুলিও ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। ৰাইজে তদন্ত সাপেক্ষে বিহিত ব্যৱস্থা গ্ৰহণ উক্ত চি এছ পিৰ গৰাকী আফিজাই আত্মসাৎ কৰা টকাখিনি উদ্ধাৰ কৰি দি ডকাইতসদৃশ আফিজাৰ পৰা চি এছ পি কৰ্তন কৰি এজন দুৰ্নীতি মুক্ত মানুহৰ জৰিয়তে চি এছ পিটো চলোৱাৰ দায়িত্ব দিবলৈ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।