মানকাচৰঃ যোৱা ১ জুলাইৰ পৰা দক্ষিণ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত টুমনিৰ কে এম জি এম ই স্কুলত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন বিনামূলীয়া পাঠদান শিবিৰ মুকলি কৰিছিল। উক্ত পাঠদান শিবিৰৰ আজি সামৰণি সভা অনুষ্ঠিত হয়। সভাখনত সভাপতিত্ব কৰে সোণালী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ কামাল হাছানে।
আমন্ত্ৰিত অতিথি হিচাপে ধুবুৰী জিলা পৰিষদৰ প্ৰাক্তন উপ সভাপতি আশাদুল ইছলাম, দক্ষিণ শালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ফিৰোজ খণ্ডকাৰ, সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানী উপ সভাপতি আমিনুল ইছলাম, সহ সম্পাদক ৰুৱেইত হোছেন, শিক্ষা সম্পাদক মনিৰুল ইছলামৰ লগতে স্থানীয় শিক্ষাবিদ আৰু সমাজ সচেতন ব্যক্তিসকলো উক্ত সভাত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়। উক্ত অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলকো বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটো পৰিচালনা কৰে দক্ষিণ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰাকিবুল ইছলামে।