ছয়গাঁওঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ বহুকেইটা এলেকাত কলহী নদীৰ খহনীয়া অব্যাহত আছে। ইতিমধ্যে কলহী নদীয়ে বহুতৰে ঘৰ-বাৰী উটুৱাই নিয়াৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ গড়কাপ্টানি পথ নদীত বিলীন কৰি দিয়ে। এই বিষয়ে জানিব পাৰি আজি খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কান্ত কলিতাৰ লগত উপস্থিত হয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত। সমষ্টিটোৰ কলহী নদীৰ খহনীয়াগ্ৰস্ত এলেকা চৌধুৰীপাৰা, পটৰীখাট, মাকেলি, ন-কটহী আৰু ছয়গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা কলহী নদীৰ ওপৰত থকা পকী দলংখন প্ৰত্যক্ষ কৰে।
তাৰ পিছতে মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক কয় যে যোৱা বাৰ বহু আঁচনি লোৱা হৈছিল যদিও একমাত্ৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা বাবে সেই কামসমূহ কৰিব পৰা নগ’ল। এইবাৰ খৰালি কালত সেই কামবোৰ শক্তিশালীভাৱে পুনৰ কৰাৰ বাবে এখন "একচন প্লেন" প্ৰস্তুত কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কয়।
মন্ত্ৰী কেশৱ মহন্তই উল্লেখ কৰা অনুসৰি আগতে কি দুৰ্নীতি হৈছিল সেয়া মই নাজানো, পিছে তেওঁ মন্ত্ৰী হোৱাৰ পিছত কোনো দুৰ্নীতি হোৱা নাই বুলি উল্লেখ কৰি প্ৰতিখন জিলাৰ উপায়ুক্তক অধ্যক্ষ আৰু বিধায়কসকলক সদস্য কৰি লৈ স্থানীয়ভাৱে গৰাখহনীয়াৰ সমস্যা সমাধান কৰাৰ আশ্বাস দিয়ে। মন্ত্ৰীৰ পৰিদৰ্শন কালত জলসম্পদ বিভাগৰ মূখ্য অভিযন্তা বি ৰংপি, কাৰ্যবাহী অভিযন্তা এ এম মজুমদাৰ, চক্ৰ বিষয়া ডঃ প্ৰীতিলেখা ডেকা, ডঃ অংকিতা শৰ্মা সহিতে বহুতো বিষয়া উপস্থিত থাকে। শেষত ছয়গাঁও পৰিদৰ্শন বঙলাত কমলা কলিতাৰ সৈতে মন্ত্ৰী কেশৱ মহন্তই কেনেকৈ কলহী নদীৰ খহনীয়া ৰোধ কৰিব পাৰি সেই সম্পৰ্কে দীৰ্ঘসময় আলোচনাত মিলিত হয়।